প্ৰকৃতিত উপলব্ধ কোনো বিধ সামগ্ৰীয়ে অদৰকাৰী নহয়।অদৰকাৰী যেন লগা বস্তুৰ পৰাও বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি।এই কথাকে প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী কৰ্মঠ মহিলাই।
মহিলা গৰাকীয়ে ঘৰতে পানী মেটেকাৰ পৰা বিভিন্ন সা সামগ্ৰী প্ৰস্তুত কৰিছে।তিনিচুকীয়া দিহিঙীয়া গাঁৱৰ সোণপাহী দুৱৰা হাজৰিকা নামৰ মহিলা গৰাকীয়ে পানী মেটেকাৰে বেগ,ফাইল কভাৰ, আদিকে কৰি বিভিন্ন সা সামগ্ৰী প্ৰস্তুত কৰিছে।
এক প্ৰকাৰে তেখেতে ঘৰতে এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে । জানিব পৰা মতে প্ৰথম অৱস্থাত তেখেতে পানী মেটেকাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ পানী মেটেকাৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাত লাগি পৰে।উল্লেখযোগ্য যে সোণপাহী দুৱৰা হাজৰিকাই কেৱল পানী মেটেকাৰে সামগ্ৰীয়ে প্ৰস্তুত নকৰে তেখেতে হাঁহ কুকুৰা পালনৰ লগতো জড়িত হৈ আছে।জীৱনৰ না না প্ৰত্যাহ্বান নেওচি সফলতা সোপান ৰচা এই গৰাকী নাৰী সকলোৱে আদৰ্শ হৈ পৰক, আমি জনালো অলেখ শুভকামনা ।
1 Comment
সুন্দৰ, আগুৱাই যাওঁক