ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ গুৱাহাটীৰ অনিল নগৰত উপস্থিত হয় আৰু ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। লগতে তেওঁ অনিল নগৰ তথা ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী বাছ আস্থানৰ সমীপত ভৰলু নদীৰ দুয়োপাৰৰ বহু অংশ পৰিদৰ্শন কৰি অঞ্চলটোত হোৱা নদীখনৰ বেদখলকাৰ্যও প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে মহানগৰীৰ অনিল নগৰত সম্প্ৰতি উন্নত প্ৰযুক্তিৰে ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্য চলি আছে। নিৰ্মাণস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মাণকাৰ্য নিখুঁত আৰু খৰতকীয়া কৰাৰ বাবে কৰ্তব্যত নিয়োজিত ঠিকাদাৰক নিৰ্দেশ দিয়ে।আনহাতে ভৰলু নদীৰ পাৰ দখল কৰি হোৱা অবৈধ নিৰ্মাণকাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত অচিৰেই এনে বেদখল উচ্ছেদৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে। অঞ্চলটোৰ নৈপৰীয়া পথৰ কিছু অংশ অতিশয় সংকুচিত হৈ পৰা প্ৰত্যক্ষ কৰি এনে অংশসমূহ প্ৰয়োজনীয়ভাৱে বহল কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। এই এলেকাসমূহ ভ্ৰমণ কৰি সংশ্লিষ্ট সমগ্ৰ বিষয়সমূহৰ পুংখানুপুংখভাৱে বুজ লোৱাৰ বাবে চক্ৰ বিষয়া আৰু পৌৰ নিগমৰ বিষয়ববীয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index