ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ গুৱাহাটীৰ অনিল নগৰত উপস্থিত হয় আৰু ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। লগতে তেওঁ অনিল নগৰ তথা ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী বাছ আস্থানৰ সমীপত ভৰলু নদীৰ দুয়োপাৰৰ বহু অংশ পৰিদৰ্শন কৰি অঞ্চলটোত হোৱা নদীখনৰ বেদখলকাৰ্যও প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে মহানগৰীৰ অনিল নগৰত সম্প্ৰতি উন্নত প্ৰযুক্তিৰে ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্য চলি আছে। নিৰ্মাণস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মাণকাৰ্য নিখুঁত আৰু খৰতকীয়া কৰাৰ বাবে কৰ্তব্যত নিয়োজিত ঠিকাদাৰক নিৰ্দেশ দিয়ে।আনহাতে ভৰলু নদীৰ পাৰ দখল কৰি হোৱা অবৈধ নিৰ্মাণকাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত অচিৰেই এনে বেদখল উচ্ছেদৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে। অঞ্চলটোৰ নৈপৰীয়া পথৰ কিছু অংশ অতিশয় সংকুচিত হৈ পৰা প্ৰত্যক্ষ কৰি এনে অংশসমূহ প্ৰয়োজনীয়ভাৱে বহল কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। এই এলেকাসমূহ ভ্ৰমণ কৰি সংশ্লিষ্ট সমগ্ৰ বিষয়সমূহৰ পুংখানুপুংখভাৱে বুজ লোৱাৰ বাবে চক্ৰ বিষয়া আৰু পৌৰ নিগমৰ বিষয়ববীয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি