ৰাজ্যৰ এগৰাকী বিশিষ্ট সমাজকর্মী , লকডাউনৰ সময়ৰে পৰা এতিয়ালৈকে প্ৰায় ৩৪ লাখৰো অধিক দুখীয়া আৰু অভাবী লোকক বিনামূলীয়াকৈ আহাৰ যোগান ধৰি অহা অনা চৰকাৰী সংস্থা “অমৃত ভোগ ভাণ্ডাৰা”ৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজলৈ আগবঢ়াই অহা অৱদানৰ বাবে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ অসম ৰাজ্যিক সমিতি , সনাতন ধৰ্ম প্ৰচাৰ সমিতি , সেৱা ভাৰতী , গুৱাহাটী ; অখিল ভাৰতীয় হিন্দু যুৱ মর্চা আৰু মিথিলা সাংস্কৃতিক সমন্বয় সমিতিয়ে “সমাজ গৌৰৱ” বঁটাৰে সন্মানিত কৰিছে । এই উপলক্ষে ফাঁচীবজাৰৰ তেৰাপন্থ ভৱনত বিশাল ধৰ্মসভাৰ লগত সংগতি ৰাখি ২৪ এপ্ৰিলৰ সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাগচান্দ জৈনক এই বঁটা প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । আনহাতে এই উপলক্ষে ব্ৰাহ্মণ ফ্ৰণ্টৰ ৰাজ্যিক সমিতিৰ মুখত সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত চমু ভাষণত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভাগচান্দ জৈনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ২০২০ চনৰ মাৰ্চ মাহত কভিড প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন ঘোষণা হোৱাৰ পাছত বিগত সময়ছোৱাত লাখ লাখ অভাৱী লোকক বিনামূলীয়াকৈ ৰন্ধা আহাৰ যোগান ধৰি যি বিৰল নিদৰ্শন ডাঙি ধৰিলে সেয়া নিঃসন্দেহে তুলনাবিহীন কাৰ্য বুলি অভিহিত কৰে । অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , দিগম্বৰ জৈন পঞ্চায়ত , গুৱাহাটীৰ সচিব বীৰেন্দ্ৰ কুমাৰ চেৰাউগী , সমাজকর্মী প্ৰেমকান্ত চৌধুৰী , সতীশ চন্দ্ৰ শৰ্মা , চন্দ্ৰ কুমাৰ শৰ্মা , মহাবীৰ প্ৰসাদ জৈনকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত ভাগচান্দ জৈনে চমু ভাষণত বঁটা বা সম্বৰ্ধনা লাভৰ বাবে কোনোদিনে কাম কৰা নাই বুলি সদৰি কৰি বঁটা দিলে অবশ্যে লোকজন কাম কৰিবলৈ উৎসাহী হয় বুলি ব্যক্ত কৰে ।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত