অসমত উখল মাখল উৎসৱৰ পৰিবেশ

0 265

অসমৰ ইতিহাসত আজি দিনটো এটা বিশেষ দিন। কিয়নো পোন প্ৰথমবাৰৰ বাবে আজিৰ দিনটোত উদযাপিত হ’ল পক্ষী মহোৎসৱ। পক্ষী সুৰক্ষা তথা গ্ৰাম্য পৰ্যটনৰ লক্ষ্য আগত ৰাখি জনসাধাৰণ মাজত সজাগতা অনাৰ অৰ্থে এই মহোৎসৱ আয়োজন কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিয়ে। গোলাঘাট জিলাৰ খুমটাই ৰ বিধায়ক মৃণাল শইকীয়াৰ একক প্ৰচেষ্টাত এই মহোৎসৱ অনুষ্ঠিত হৈছে,জাপিসজীয়া যোগীবিলৰ পাৰত। মহোৎসৱত বিভিন্ন প্ৰজাতিৰ পক্ষী যেনে ইম’ চৰাই, বতাহ চৰাই ,পেৰু চৰাই আদিবোৰৰ প্ৰদৰ্শিত হোৱাৰ লগতে পক্ষী বিষয়ক আলোচনা চক্ৰ ফটো প্ৰদৰ্শিত হৈছে। আশা কৰা হৈছে এনে ধৰণৰ প্ৰচেষ্টাৰ যোগেদি প্ৰকৃতি সুৰক্ষা আৰু গ্ৰাম্য পৰ্যটনৰ পথ মুকলি হ’ব।

1

দ্বিতীয়তে, পোন প্ৰথমবাৰৰ বাবে মহানগৰীৰ কলাক্ষেত্ৰত আজিৰে পৰা অসম চৰকাৰৰ উদ্যোগত আয়োজিত হৈছে ব্ৰক্ষ্মপুত্ৰ সাহিত্য উৎসৱ। এই উৎসৱত দেশী- বিদেশী সাহিত্যিক লিখক সকলে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই  উৎসৱত প্ৰায় ১৮৫ গৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰিব। ব্ৰক্ষ্মপুত্ৰ সাহিত্য উৎসৱৰ লগতে সংগতি ৰাখি আজি পুৱাৰ ভাগত শোভাযাত্ৰা লগতে বৰণীয়া কাৰ্য্যসুচী অনুষ্ঠিত হয়। স্মতৰ্ব্য যে এই উৎসৱৰ যোগেদি নৱ প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধন হ’ব বুলি আশা কৰা হৈছে। আজিৰ এই উৎসৱত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰ লগতে বহু কেইকজন গন্য মাণ্য ব্যক্তি।

2

তৃতীয়তে পোনপ্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ল পথৰুঘাটৰ স্মৃতিৰ এক অনুষ্ঠান। উল্লেখযোগ্য যে ১৮৯৪ ত দৰঙৰ হোৱাত কৃষক বিদ্ৰোহৰ শ্বহীদ সকলল সুৱৰি আজি দিনটোত স্মৃতিচাৰণ কৰা হয়। প্ৰাপ্ত এক তথ্য অনুসৰি মহত্মা গান্ধীৰ অহিংস নীতিৰ প্ৰায় ২৫ বছৰৰ আগতে দৰং কৃষক সকলে হিন্দু মুছলমান একত্ৰিত হৈ অহিংস নীতিৰে বৃট্ৰিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। যাৰ বাবে ১৪০ গৰাকী শ্বহীদ অকালতে প্ৰাণ আহুতি দিছিল। সেই সকল শ্বহীদ স্মৰণ কৰি কালিৰে পৰা পথৰু ঘাটত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানৰ লগত সংগতি আজি মাননীয় মুখ্যমন্ত্ৰীয়ে ২২ জন কৃষকক কৃষক সন্মান বটাঁৰে সন্মানীত কৰে।উল্লেখযোগ্য যে অসমৰ বিভিন্ন অঞ্চল বিভিন্ন কৃষি ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা সকলক এনে সন্মান প্ৰদৰ্শন কৰা হয়।

3

চতুৰ্থতে, ৫৪৭ বছৰীয়া অংকীয়া ভাওনাৰ ধাৰাক স্মৰণ কৰি আজিৰে পৰা মাজুলীৰ কমলাবাৰী সত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ। ৫৪৭ যোৰা গায়ন – বায়ন আৰু ৫৪৭ গছি বন্তি প্ৰজ্বলনে এই অংকীয়া ভাওনা সমাৰোহৰ শুভাৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। 

4

এনে ধৰণৰ  সুখবৰ সমুহ প্ৰেৰণ কৰি আমাক সহযোগিতা আগবঢ়ালে গোলাঘাটৰ সাংবাদিক মোস্তাক হুছেইন, সাৰাংগ তামুলী, কলাক্ষেত্ৰৰ পৰা ৰঞ্জিত গগৈ, দৰঙৰ পৰা সাংবাদিক ভাৰ্গৱ দাস আৰু মুকুট ৰাজ শৰ্মাই,মাজুলীৰ পৰা সাংবাদিক জ্যোতিষ তামুলী আৰু ৰঞ্জন বৰাই।

Leave A Reply

Your email address will not be published.