অসমলৈ প্ৰধানমন্ত্ৰীৰ ১৮ হাজাৰ কোটি টকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বাবে ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰি ৰাজ্যখনৰ উন্নয়নৰ দিশত নতুন বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আদৰণি জনাইছে। এটা প্ৰেছ বাৰ্তাত শ্ৰীকলিতাই কয়, অসমৰ শৌৰ্য্য ,বীৰ্য্যৰ প্ৰতীক লাচিত বৰফুকনৰ ৮৪ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনে সমগ্ৰ দেশৰ লগতে বিশ্ব মানচিত্ৰত অসমৰ এই মহান বীৰৰ বীৰত্ব কাহিনী প্ৰতিষ্ঠা কৰাৰ লগতে নৱ প্ৰজন্মক বীৰ গৰাকীৰ পথ অনুসৰণ কৰি সাহসেৰে আগুৱাই যোৱাত উৎসাহ যোগাব। দেশৰ প্রথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাজিৰঙা ভ্ৰমণ কৰাৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন জনাই। লগতে কয়, প্ৰধানমন্ত্ৰী গৰাকীৰ কাজিৰঙা ভ্ৰমণে ৰাজ্যখনৰ পৰ্যটন খণ্ডত নতুন দিগন্তৰ সূচনা কৰিব। ডিগবৈ আৰু গুৱাহাটীৰ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ প্ৰকল্পত অনুমোদন জনোৱাৰ বাবে ভৱেশ কলিতাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয় যে এই সিদ্ধান্তই অসমৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। প্ৰধানমন্ত্ৰী ডিভাইন আঁচনিৰ অধীনত একে ঠাইৰ পৰাই ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা বাসগৃহ হিতাধিকাৰীক প্ৰদান কৰাৰ ফলত অসমে দেশৰ ভিতৰত এদিনত সৰ্বাধিক সংখ্যক পি এম এ ৱাই জি হিতাধিকাৰীক গৃহ প্ৰদান কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হল। সভাপতি গৰাকীয়ে লগতে কয়, দ্বৈত ৰেলপথ অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধূপধাৰাৰ পৰা ছয়গাঁৱলৈ ১৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত ৰেলপথৰ উদ্বোধন কৰি ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু প্ৰাকৃতিক গেছ পৰিবহণকাৰী পাইপলাইনৰ বাবে ৩৯৯২ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰাৰ বাবেও তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
Trending
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন