অসমলৈ প্ৰধানমন্ত্ৰীৰ ১৮ হাজাৰ কোটি টকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বাবে ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰি ৰাজ্যখনৰ উন্নয়নৰ দিশত নতুন বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আদৰণি জনাইছে। এটা প্ৰেছ বাৰ্তাত শ্ৰীকলিতাই কয়, অসমৰ শৌৰ্য্য ,বীৰ্য্যৰ প্ৰতীক লাচিত বৰফুকনৰ ৮৪ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনে সমগ্ৰ দেশৰ লগতে বিশ্ব মানচিত্ৰত অসমৰ এই মহান বীৰৰ বীৰত্ব কাহিনী প্ৰতিষ্ঠা কৰাৰ লগতে নৱ প্ৰজন্মক বীৰ গৰাকীৰ পথ অনুসৰণ কৰি সাহসেৰে আগুৱাই যোৱাত উৎসাহ যোগাব। দেশৰ প্রথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাজিৰঙা ভ্ৰমণ কৰাৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন জনাই। লগতে কয়, প্ৰধানমন্ত্ৰী গৰাকীৰ কাজিৰঙা ভ্ৰমণে ৰাজ্যখনৰ পৰ্যটন খণ্ডত নতুন দিগন্তৰ সূচনা কৰিব। ডিগবৈ আৰু গুৱাহাটীৰ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ প্ৰকল্পত অনুমোদন জনোৱাৰ বাবে ভৱেশ কলিতাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয় যে এই সিদ্ধান্তই অসমৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। প্ৰধানমন্ত্ৰী ডিভাইন আঁচনিৰ অধীনত একে ঠাইৰ পৰাই ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা বাসগৃহ হিতাধিকাৰীক প্ৰদান কৰাৰ ফলত অসমে দেশৰ ভিতৰত এদিনত সৰ্বাধিক সংখ্যক পি এম এ ৱাই জি হিতাধিকাৰীক গৃহ প্ৰদান কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হল। সভাপতি গৰাকীয়ে লগতে কয়, দ্বৈত ৰেলপথ অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধূপধাৰাৰ পৰা ছয়গাঁৱলৈ ১৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত ৰেলপথৰ উদ্বোধন কৰি ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু প্ৰাকৃতিক গেছ পৰিবহণকাৰী পাইপলাইনৰ বাবে ৩৯৯২ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰাৰ বাবেও তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য