আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত এক সজাগতামূলক কৰ্মশালা আৰু শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত হয়। কনজিউমাৰ ভয়েছ-নতুন দিল্লী, জ্যোতিশিখা মহিলা সমন্বয় পৰিষদ, প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আৰু ইনাৰ হুইল ক্লাব অফ গুৱাহাটী ইষ্টৰ সহযোগত পাঞ্জাবাৰীত অনুষ্ঠিত এই কৰ্মশালাত শতাধিক মহিলাই অংশ লয়। ‘ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী কৰি জীৱন ৰক্ষা কৰা’ শীৰ্ষক কৰ্মশালাত ৰাজ্যৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ডিপি আগৰৱালাই ‘ধঁপাতমুক্ত সুস্থ ভৱিষ্যত আৰু মহিলা সৱলীকৰণ’ বিষয়ৰ ওপৰত মূল ভাষণ দি কয়- ধঁপাত যি কোনো ধৰণৰে নহওঁক কিয়, সেয়া অতি ক্ষতিকাৰক আৰু প্ৰাণঘাতক। শিশু আৰু যুৱ প্ৰজন্ম ধঁপাতৰ প্ৰতি আসক্ত হোৱাটো সমাজৰ বাবে অতি ভয়াৱহ। ধঁপাত সেৱন কৰা মহিলাৰ সংখ্যাও আমাৰ সমাজত বৃদ্ধি পাইছে আৰু এনে মহিলা বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ আছে। ধঁপাত সেৱনৰ ফলত হাঁওফাঁওৰ ওপৰত যথেষ্ঠ ক্ষতিকাৰক প্ৰভাৱ পৰে আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অভাৱনীয় ভাবে কমি যায়। কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়- দেশৰ ৫০ শতাংশ কৰ্কট ৰোগৰ মূল কাৰণে ধঁপাত সেৱন। সমীক্ষা মতে, অসমৰ ৩৩ শতাংশ মহিলা আৰু ৪৮.২ শতাংশ প্রাপ্তবয়ষ্কই ধঁপাত সেৱন কৰে। আমাৰ দেশত প্ৰায় ৪০ শতাংশ মহিলা নিজৰ ঘৰতে পৰোক্ষভাবে ধঁপাত সেৱনকাৰীৰ পৰা ক্ষতিগ্ৰস্ত হয়। কৰ্মশালাত উপস্থিতি থাকি বিশিষ্ট লেখিকা তথা সমাজকৰ্মী স্বপ্নালী মহন্তই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ উদ্ধৃতি দি ধঁপাত জাতীয় বস্তুৰ আসক্তিৰ ফলত এজন লোক কিদৰে জীৱনত সকলো হেৰুৱাবলগীয়া পৰ্যন্ত হয় সেই বিষয়ে উল্লেখ কৰি ধঁপাত সেৱনৰ দৰে ভয়াবহ আসক্তিৰ পৰা মহিলাক ৰক্ষা কৰাৰ বাবে শক্তিশালী পদক্ষেপৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে। ধঁপাত বিৰোধী শ্লোগান প্ৰতিযোগিতাত সমাজৰ বিভিন্ন স্তৰৰ শতাধিক মহিলা অংশ লয়। বিজয়ী তিনিগৰাকী প্ৰতিযোগী ক্ৰমে প্ৰথম পুৰস্কাৰ ৰুণজ্যোতি হাজৰিকা, দ্বিতীয় পুৰস্কাৰ ময়ুৰী দত্ত আৰু তৃতীয় পুৰস্কাৰ কবিতা দাসক প্ৰদানৰ পাছত দেশৰ ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী ভাবে বলবৎ কৰাৰ দাবীৰে মহিলা সকলে লিখা শ্লোগান প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ