অসমীয়া নাৰীৰ অদম্য সাহসৰ প্ৰতীক মূলা গাভৰুৰ কথাৰে..

0 1,445

অসমত আহোম ৰাজত্বকালৰ পৰা বৰ্তমানলৈকে যি কেইগৰাকী নাৰীয়ে নিজৰ দেশ তথা জাতিৰ স্বাধীনতা ৰক্ষাৰ বাবে বিদেশী শাসনকৰ্তা তথা আক্ৰমণকাৰীৰ বিৰুদ্ধে হাতত অস্ত্ৰ লৈ সমুখ সমৰত প্ৰাণ ত্যাগ কৰি শ্বহীদ হৈছে সেই নাৰীসকলৰ সংখ্যা পুৰুষ সকলতকৈ নগন্য যদিও ইতিহাসৰ পাতত জিলকি আছে আৰু ভৱিষ্যতেও থাকিব। আহোম ৰাজত্বকালৰ প্ৰায়বোৰ ঘটনাবহুল দিনপঞ্জীৰ পাতে পাতে লিখা আছে বীৰ- বীৰাঙ্গনাসকলৰ জীৱন কৃতি। এই বীৰ বীৰাঙ্গনাসকলে স্বদেশ আৰু স্বজাতিৰ হকে হাঁহি মুখে মৃত্যুবৰণ কৰিছে। মূলাগাভৰু হ’ল তেনে এগৰাকী বীৰাঙ্গনা নাৰী।
 
 
ইতিহাসৰ পাত মেলিলে দেখা যায় এখন দেশ, এটা জাতিৰ বিভিন্ন দিশৰ অগ্ৰগতিত একোগৰাকী নাৰীৰ অতুলনীয় অৱদান আছে৷ মধ্যযুগত আহোম ৰাজত্বকালতো বহুকেইগৰাকী সাহসী আৰু মহিয়সী নাৰীৰ মহিমাৰ ঐশ্বর্যই স্বর্ণাভ ইতিহাস ৰচনা কৰি গৈছে৷ তাৰে ভিতৰত ব্যতিক্ৰমী সত্বাৰে ত্যাগ আৰু সাহসেৰে নিজৰ নাম মচিব নোৱাৰাকৈ লিপিবদ্ধ কৰা এগৰাকী নাৰী হ’ল বীৰাঙ্গনা মূলাগাভৰু ৷
 
প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলাগাভৰু কেৱল নিজ পতিৰ থকা অতুলনীয় প্ৰেমৰ বাবেই নহয় প্ৰৱল স্বদেশানুৰাগেৰে উজ্জ্বীৱিত এগৰাকী শক্তিশালী অসমীয়া নাৰী৷
 
দিহিং পাৰৰ ছৰগুৱাত কাঠ-বাঁহৰ ৰাজকাৰেঙত জন্ম হোৱা আহোম কুঁৱৰী মূলাগাভৰু আছিল চাওফা চুপিমফাৰ কন্যা অৰ্থাৎ জেষ্ঠ্য ভাতৃ স্বৰ্গদেউ চুহুংমুং ৰজাৰ দিনৰ মন্ত্ৰী ফ্ৰা-চ্যেং মৌঙ বৰগোহাঁইৰ পত্নী। যিগৰাকী নাৰীৰ বীৰত্বৰ বাবে মোগল সাম্ৰাজ্যৰ অধীনলৈ যোৱাৰ পৰা
ৰক্ষা পৰিছিল আহোম ৰাজ্য। ইতিহাসৰ পাতত উল্লেখ আছে যে, চুহুংমুং ৰজাৰ সময়ত আহোম ৰাজ্য বহুবাৰ আক্ৰমণ কৰিছিল মোগলে। সেই যুদ্ধত বহুকেইগৰাকী আহোম ৰাজ বিষয়াই প্ৰাণ হেৰুৱাইছিল। তেনে সময়তে ৰজাই ফ্ৰা-চ্যেং-মৌঙ বৰগোহাঁইক সেনাপতি পাতি তুৰ্বকৰ বিৰুদ্ধে যুঁজ দিবলৈ নিৰ্দেশ দিয়াৰ কথা পত্নী মূলা গাভৰুক জনোৱাৰ লগতে কৱচ কাপোৰ বিচৰাত ঋতুমতী হৈ থকা বাবে স্বামীক কৱচ কাপোৰ বৈ দিব নোৱাৰিলে মূলাই। ইফালে বৈ থোৱা কাপোৰো পেৰাত নাছিল। ফলত এক আশংকাই বেৰি ধৰিলে মূলা গাভৰুক। যাৰ বাবে স্বামীৰ লগতে মূলা গাভৰুৱেও যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ বিচৰাত ফ্ৰা-চেং-মৌঙে কৈছিল-
যুদ্ধক্ষেত্ৰ নাৰীৰ বাবে নহয়, তুমি মোৰ চেংনাং।
তাৰ পাছত স্বামীৰ যাত্ৰাপথত বাধা নিদিলে যদিও অজানিত আশঙ্কাত মূলা গাভৰুৰ হৃদয়ত কঁপনি উঠিছিল। উল্লেখ্য যে, কবচ কাপোৰ আহোম সৈন্যৰ আত্মৰক্ষাৰ কৱচ। বিয়া চকলং কৰোতে কইনাই দৰাৰ হাতত হেংদাং তুলি দি কয়- এই অস্ত্ৰেৰে নিজৰ দেশ, নিজৰ পুত্ৰ-ভাৰ্য্যা, ঐশ্বৰ্য আৰু আত্মৰক্ষা কৰিবলৈ সমৰ্থ হওক। দৰাই এশ এগছি জ্বলন্ত চাকিক সাক্ষী কৰি দেশ-জাতি-পুত্ৰ ভাৰ্য্যা আৰু আত্মৰক্ষা কৰিবলৈ হাতত হেংদাং লৈ সঙ্কল্প গ্ৰহন কৰে। একে ৰাতিৰ ভিতৰতে কপাহ নেওথি, পাঁজি-বাটি, সূতা কাটি , তাঁত লগাই, বৈ উলিয়াব লাগে কৱচ কাপোৰ। এই কাপোৰখন লেংডন দেৱতা আৰু উপৰি পুৰুষক সুঁৱৰি লব লাগে। এই কাপোৰ খন টঙালি স্বৰূপে ব্যৱহাৰ কৰে, কৱচ কাপোৰ গাত থাকিলে আহোম সৈন্যই নিজকে অজেয় বুলি ভাবে। এই গভীৰ বিশ্বাস আৰু দৃঢ়তাৰেই খনে খনে ৰণত বিজয়ী হৈ আহোম সৈন্যই ৰাজ্যৰ সমৃদ্ধি বৃদ্ধি কৰিছিল।
ঋতুমতী হৈ থকাত মূলা গাভৰুৱে বঙহৰদেওক লগত কৱচ দি পঠিয়াব নোৱাৰিলে। ফ্ৰাচেংমুং যুদ্ধলৈ যোৱাৰ সাত দিনৰ পাছত মূলাই খৱৰ পালে তেওঁৰ স্বামী ৰণথলীত মৃত্যু মুখত পৰিছে । শোকত ভাগি পৰিছিল, কিন্তু প্ৰতিজ্ঞাবদ্ধ হ’ল যে যি সকলে তেওঁৰ স্বামীক হত্যা কৰিছে, যিসকলে আহোমৰ স্বাধীনতা হস্তগত কৰিবলৈ উঠি পৰি লাগিছে, সেই শত্ৰু সেনাৰ বিৰুদ্ধে তেওঁ যুঁজ দিবলৈ যাব। সেয়া আছিল মুছলমান সকলে পঞ্চম বাৰ আহোম ৰাজ্য আক্ৰমণ। সেই যুদ্ধত মূলা গাভৰুৰ স্বামী ফ্ৰাচেংমুঙৰ মৃত্যু হৈছিল। স্বামীৰ মৃত্যুৰ খবৰ পাই স্থিৰেৰে থাকিব নোৱাৰিলে মূলাগাভৰু। স্বামীসন্তা তুৰ্বকক প্ৰতিশোধ লবলৈ ঘোঁৰাত উঠি সাজু হৈ ৰণ হুংকাৰ দিলে এনেদৰে –
“আজি হেংদান আৰু ক্লাংফাইত মুঠি ধৰি সকলো আগুৱাই আহা নিজৰ সোণোৱালী দেশক ৰক্ষাৰ বাবে”। দুয়োপক্ষৰ মাজত চাৰিদিন একেৰাহে তয়াময়া যুদ্ধ চলিল। মূলাগাভৰুৰ আগমণত অধিক পৰাক্ৰমেৰে যুঁজ কৰিলে আহোম সেনাই। তুৰ্বকৰ লগত যুদ্ধ কৰি থাকোঁতেই এক মোগল যুদ্ধা আহি অতৰ্কিতে মূলাৰ বুকুলৈ শেল নিক্ষেপ কৰাত তেজেৰে তুমুৰলি হৈ মূলাগাভৰুৱে প্ৰাণ ত্যাগ কৰিলে যুদ্ধক্ষেত্ৰত। তাকে দেখি গৰজি উঠিল আহোম সেনা। কনচেং বৰপাত্ৰগোঁহাইৰ নেতৃত্বত আহোম সেনাই মোগল সেনাক খেদি খেদি পৰাভূত কৰিলে। কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত মৃত্যু হ’ল তুৰ্বকখান। যুদ্ধত যদিও মূলাগাভৰুৰ মৃত্যু হ’ল তথাপিও কিন্তু এইগৰাকী অদম্য সাহসী নাৰীৰ আগমণে আহোম সৈন্যক অধিক শক্তিশালী কৰি তুলিলে। ফ্ৰাচেং মৌঙ বৰগোহাঁইৰ মৃত্যুৰ পাছদিনাই হয়তু আহোম ৰাজ্য মোগলৰ হাতলৈ গুচি গল হেতেন যদিহে বীৰত্বৰে মূলাগাভৰু যুদ্ধক্ষেত্ৰলৈ ওলাই নাহিলহেতেন। এইগৰাকী মহান মহিয়সী নাৰীৰ আত্মবলিদানৰ বাবেই ৰক্ষা পৰিল আহোম ৰাজ্য। সেয়েহে ইতিহাসৰ পাতত মহান বীৰাঙ্গনা মূলাগাভৰুৰ পতিভক্তি, দেশ আৰু জাতিপ্ৰেমে আজিও জিলিকি আছে সগৌৰৱে।
দেশ ৰাখিবলৈ মূলাগাভৰুৱছ হাতত হেংদান তুলি লৈ অসমীয়া নাৰীৰ কালজয়ী বীৰত্ব প্ৰদৰ্শন কৰিলে আৰু যুদ্ধত প্ৰাণত্যাগ কৰিলে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ আছে যে -“তুৰ্বকৰ যুদ্ধত মূলাগাভৰু মৃত্যু, সেই যুদ্ধত আমাৰ ফ্ৰাছেং মৌং বৰগোহাঞি পৰিল। ঘৈনীয়েক ৰজাৰ জীয়ো পৰিল। গৰ্গয়া ৰজাৰো পিছত এঘা হাতত ওঘা মাৰিলে। মহাৰণ হ’ল।” মূলাগাভৰু মৃত্যু হ’ল যদিও সেই মৃত্যুৱে অমৰত্ব লাভ কৰিলে। মূলাৰ সেই মৃত্যু অপৰাজেয়, যি মৃত্যুৱে এটা জাতিক জীয়াই থাকিবলৈ সাহস দিলে। মূলাগাভৰুৰ ত্যাগ, সাহস তথা দেশৰ প্ৰতি থকা অগাধ ভালপোৱাৰ কথা সোঁৱৰি বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকোঁৱৰে তেওঁৰ “ইতিহাসে সোঁৱৰা ছশটা বছৰ” গ্ৰন্থত লিপিবদ্ধ কৰিছে -“মূলাগাভৰুক ফ্ৰান্সৰ জোৱান অৱ আৰ্কৰ লগত তুলনা কৰিব পাৰি”। আকৌ দুখেৰে কৈছে -‘জোৱান অৱ আৰ্কৰ পৰাক্ৰম সৰ্বজন বিদিত কিন্তু মূলাগাভৰুৰ নাম জনা মানুহ নাই বুলিলেই হয়’। সঁচাই অতি পৰিতাপৰ কথা- যি জাতিৰ হকে, যি দেশৰ হকে মূলাই নিজৰ জীৱন দান দি গ’ল সেই জাতিৰ জনগণে আজিও এই মহিয়সী নাৰীগৰাকীৰ আদৰ্শ , ত্যাগ, সাহসিকতা আৰু বীৰত্বক প্ৰকৃত মৰ্যদা দি বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হোৱা নাই। অসমীয়াৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক, লজ্জাজনক আৰু কি হ’ব পাৰে? ইতিহাসৰ পৰা আমি শিক্ষা লোৱা উচিত। যি জাতিয়ে নিজৰ পৰা শিপাৰ পৰা বিচ্ছিন্ন হ’বলৈ আগবাঢ়ি যায় সেই জাতিৰ অস্তিত্ব নিশ্চিহ্ন হ’বলৈ বেছি পৰ নালাগে। কিমান প্ৰচণ্ড সাহস আৰু দেশপ্ৰেম থাকিলে এগৰাকী নাৰীয়ে নিশ্চিত মৃত্যুৰ কথা জানিও দেশ জাতিৰ ৰক্ষাৰ বাবে আগুৱাই যাব পাৰে তাৰেই প্ৰমাণ মূলা গাভৰু।
কিন্তু অতি পৰিতাপৰ কথা যে বীৰাঙ্গনা মূলাগাভৰুৰ সাহস, পতিভক্তি তথা দেশ প্ৰেমৰ কথা আজি যিদৰে প্ৰচাৰ আৰু প্ৰসাৰ হ’ব লাগিছিল তেনেদৰে হোৱা পৰিলক্ষিত হোৱা নাই। আজি হয়তো শ্ল’গানতে আৱদ্ধ আছে -“কোনে কয় মূলা নাই, হাজাৰ মূলা আগুৱাই”। ৰজাঘৰেও বীৰাঙ্গনা মূলাগাভৰুৰ স্মৃতি যুগমীয়া কৰিবলৈও বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰ বিপৰীতে টাই আহোম জনগোষ্ঠীয় সংগ্ৰামী সংগঠন টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্য্যদাৰে সুঁৱৰি ২০১৩ বর্ষৰপৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে “বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান”৷ অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫) ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰক (২০১৮), বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা (২০১৯) ক ইতিমধ্যে প্ৰদান কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু বঁটা৷ টাই আহোম গণনা অনুসৰি ব’হাগৰ ১৬ তাৰিখ অৰ্থাৎ ৩০ এপ্ৰিলত এইগৰাকী মহিয়সী নাৰীৰ মৃত্যু হোৱা বুলি টাই পণ্ডিত সকলে নিৰ্দিষ্ট কৰাত এই দিনটোতে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস অনুষ্ঠিত হৈ আহিছে। আশা কৰিছোঁ এইগৰাকী মহিয়সী নাৰীৰ অদম্য সাহস তথা জীৱন আদৰ্শক বিশ্বৰ প্ৰেক্ষাপটত তুলি ধৰিবলৈ সুধী সমাজ তথা চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব।
দেশ মাতৃৰ দুৰ্যোগৰ সময়ত স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত নাৰী সেনানী গঠন কৰি নিজেই নেতৃত্ব দি ষোড়শ শতিকাতেই নাৰী শক্তিক জাগ্ৰত কৰি মূলাগাভৰুৱে নিজৰ নাম ইতিহাসৰ পাতত যুগমীয়া কৰি গৈছে। উঠি অহা প্ৰজন্মই মূলাগাভৰুৰ লগতে দেশ তথা জাতিৰ হকে আত্মবলিদান দিয়া বীৰ-বীৰাঙ্গনাসকলৰ মহান আদৰ্শক বিশ্বৰ জনতাৰ মঞ্চত যুক্তিৰ আধাৰত জিলিকাই তুলিবলৈ আহ্বান জনাইছো। মূলাগাভৰুৰ আদৰ্শ, ত্যাগ, অসাধাৰণ ব্যক্তিত্ব তথা দেশ মাতৃৰ প্ৰতি থকা ভালপোৱাই যুগে যুগে অসমীয়া জাতিক উদ্বুদ্ধ কৰি ৰাখিব, অসমীয়াৰ প্ৰেৰণা হৈ জনগণৰ বুকুত জিলিকি থাকিব। আহক আমি সকলোৱে নাৰী শক্তিক জাগ্ৰত কৰা বীৰাঙ্গনা মূলাগাভৰুৰ আদৰ্শ গ্ৰহণ কৰো।
লেখাটো প্ৰস্তুত কৰিলে চৰাইদেউৰ পৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.