৫০ লাখ মাস্ক প্ৰস্তুত কৰিছে খাদী বিভাগে

0 206

বিশ্বত্ৰাস মহামাৰী ক’ৰ’ণা ভাইৰাছৰ কাৰণে এতিয়া সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে দ্বিতীয় পৰ্যায়ৰ ল’কডাউন। এই বিপদাপন্ন মহামাৰী ক’ৰণা ভাইৰাছক সমুলঞ্চে পৰাজিত কৰিবলৈ এতিয়া এই মহামাৰীৰ বিৰূদ্ধে একেৰাহে যুঁজ দি গৈছে স্বাস্থ্য বিভাগৰ লগতে আন আন জৰুৰী সেৱাত জড়িত বিভাগসমূহ। শেহতীয়াভাবে ৰাজ্যৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগে এই মহামাৰী ক’ৰণা ভাইৰাছক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ ৫০লাখ খন মাস্ক প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লৈছে।
 
 
 
ইতিপূৰ্বে ৰাজিক খাদী ব’ৰ্ডে বিশুদ্ধ কপাহী সূতাৰ জৰিয়তে পাঁচলাখ খন মাস্ক বিতৰণ কৰিছে। উল্লেখ্য যে তেওঁলোকে বিতৰণ কৰা পাচলাখ মাস্কৰ ভিতৰত ষ্টেট বেংকে ইতিমধ্যে ২০ হাজাৰ মাস্ক ক্ৰয় কৰিছে। লগতে স্বাস্থ্য বিভাগকো ৰাজ্যিক খাদী ব’ৰ্ডে বিনামূলীয়াভাৱে মাস্ক বিতৰণ কৰিছে। ৰাজ্যিক খাদী বৰ্ডৰ অধ্যক্ষ কমলা কলিতাই এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মন্তব্য কৰে। অধ্যক্ষ কমলা কলিতাই কয় যে ৫০লাখ খন মাস্কৰ বাবে খাদী বিভাগৰ সৈতে জড়িত থকা সমগ্ৰ শিপিনীয়ে ইতিমধ্যে তেওলোকৰ কাম-কাজ আৰম্ভ কৰিছে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ ডেৰ হাজাৰ গৰাকী শিপিনী জড়িত হৈ আছে।
 
 
ৰাজ্যৰ সমগ্ৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ খোলাৰ পিছত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলক মাস্কসমূহ বিনামূলীয়াকৈ প্ৰদান কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে ব্যক্ত কৰে অধ্যক্ষ কমলা কলিতাই।

Leave A Reply

Your email address will not be published.