অসমৰ ঐতিহ্যক শাৰীৰ আৰ্হিত পালে উষা মঙ্গেস্কাৰে

0 214

 


জিলমিলিয়া কোমল বালিত ,তাহানিৰ কাহিনী কিয় শুনালি..শীৰ্ষক এই গীতটোক থিম হিচাপে লৈ প্ৰস্তুত কৰা এখন শাৰী অলপতে ডিজাইনা লেখা গোস্বামীয়ে উষা মঙ্গেস্কাৰক প্ৰদান কৰে।জানিব পৰা মতে শাৰীখন তৈয়াৰ কৰোতে প্ৰায় ২৫দিন সময় লাগিছিল।পাট কাপোৰত গামোছাৰ আৰ্হিত ৰঙা সূতা আৰু গুণাৰে শাৰীখন বৈ উলিয়াইছিল।এই সম্পৰ্কে ডিজাইনাৰ লেখা গোস্বামীয়ে কয় যে শাৰী খনৰ বৰ্ডাৰটো বড়ো জনজাতিৰ আৰনাই পৰা লোৱা হৈছিল।গোটেই শাৰীখনত ৰঙা ৰং আৰু গুণাৰ সূতাই কাজিৰঙাক খন প্ৰতিফলিত কৰা হৈছে।শাৰীখন সম্পূৰ্ণভাৱে হস্তনিৰ্মিত।এনেধৰণৰ শাৰী এখনক উপহাৰ হিচাপে পাই উষা মঙ্গেস্কাৰ আনন্দিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.