খনি আৰু খনিজ জাত সামগ্ৰী বাবে অসম বিখ্যাত।শেহতীয়াকৈ এই ক্ষেত্ৰখনৰ বাবে অসম চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে।অচিৰেই অসমৰ বিভিন্ন ঠাইত পোৱা গেনাইট শিলৰ বৈধ খনন কাৰ্য্য চলিব।উল্লেখযোগ্য যে সুদূৰ ৰাজস্থানৰ পৰা অসমলৈ বহু পৰিমাণে গেনাইট আহে।এই গেনাইট শিল সমূহ ঘৰ বনোৱা কাৰ্যত ব্যৱহাৰ হয়।এই সম্পৰ্কে এগৰাকী বিজ্ঞানীয়ে প্ৰকাশ কৰে যে অসমৰ বিভিন্ন পাহাৰৰ উপলব্ধ গেনাইট শিলৰ মানদণ্ড যথেষ্ট উচ্চ।সেয়ে গেনাইট শিলৰ বজাৰ মূল্য সমীক্ষা কৰি চৰকাৰে নিলামৰ ব্যৱস্থা কৰিছে।আজিৰে পৰা গেনাইট নিলাম আৰম্ভ হ’ব।অসমৰ পাহাৰত থকা ২২ টা ব্লকত খনন কাৰ্য্য চলিব।প্ৰথম পৰ্য্যায়ত বিশেষকৈ গোৱালপাৰা, কামৰূপ, মৰিগাঁও জিলাত গেনাইট শিলৰ বাবে খনন কাৰ্য্য চলিব ।গেনাইট শিলৰ বাবে লোৱা এনে পদক্ষেপে নিশ্চয়কৈ ৰাজহৰ দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme