বজাৰ আমাৰ, পথাৰো আমাৰ এই মন্ত্ৰৰে আগবাঢ়িছে চতিয়াৰ কেইজনমান যুৱক

0 234

বজাৰ আমাৰ আৰু পথাৰ আমাৰ শ্ল’গানক বাস্তৱায়িত কৰিছে চতিয়াৰ ঘাহি গাঁৱৰ কেইজনমান শিক্ষিত যুৱকে।গাঁওখনৰ ১০গৰাকী শিক্ষিত যুৱক একত্ৰিতহৈ জ্ঞানজ্যোতি আত্মসহায়ক নামৰ এটা গোট গঠন কৰি নিজাকৈ প্ৰায় ২০বিঘা মাটি ক্ৰয় কৰি আৰম্ভ কৰিছে জীৱন জীৱিকাৰ সংগ্ৰাম।
১০জন যুৱকে আৰম্ভ কৰিছে উন্নত জাতৰ ধান খেতিৰ লগতে মীন পালন, হাঁহ পালন,কুকুৰা পালন আৰম্ভ কৰিছে। এই যুৱক কেইজনক সহায় আগবঢ়াই আহিছে চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মা আৰু চতিয়া জিলা পৰিষদৰ সদস্যা ধনদা গগৈয়ে।চতিয়াৰ ঘাহি গাওঁৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটে তেওঁ লোকৰ যাত্ৰাত অচিৰেই সংযোজন কৰিব কণী উৎপাদন আৰু মাছৰ পোনা উৎপাদনৰ প্ৰকল্প।
যি সময়ত নিৱনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ আশাত ৰাজনৈতিক দল আৰু মন্ত্ৰী বিধায়কৰ পাছে পাছে ঘুৰি ফুৰি সময়ৰ অপ ব্যৱহাৰৰ কৰিছে তেনে সময়ত চতিয়াৰ চতিয়াৰ ঘাহি গাঁৱৰ এই কেইজন শিক্ষিত যুৱকে আন যুৱক যুৱতীক আদৰ্শ দেখুৱাইছে।
চতিয়াৰ ঘাহি গাঁৱৰ এই আত্মসহায়ক গোটৰ ফ্ৰামত থকা কাৰ্যালয়ৰ দ্বাৰ আজি উদ্ভোধন কৰে চতিয়া জিলা পৰিষদৰ সদস্যা ধনদা গগৈয়ে, আজি অনুষ্ঠানত আছিল উপস্থিত আছিল চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.