বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা Minaz Tours & travels ৰ উদ্যোগত আজি অসম পৰা ৩৬ জনীয়া প্ৰথমটো হজযাত্ৰী দল মক্কা অভিমুখে ৰাওনা হয়। প্ৰায় দহ বছৰ ধৰি সংগঠনটোৱে হজ আৰু উমৰাহৰ বাবে মক্কা-মদিনালৈ হজযাত্ৰীসলক অনা-নিয়া কৰি আহিছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোলোৱাকৈ সংগঠনটোৱে নিজা খৰছত যাত্ৰীসকলক লৈ যায়। হজযাত্ৰীসকলে মক্কা-মদিনা শ্বৰিফত থাকি ধৰ্মীয় কাম-কাজ সম্পন্ন কৰি পুনৰ অসমলৈ আহিব বুলি দলটোৰ নেতৃত্বত যোৱা জোনাৱ মতিউৰ ৰহমানে জানিবলৈ দিছে। লগতে দলটো দিল্লী হৈ মদিনাত উপস্থিত হ’ব বুলি কয়। ইয়াৰ পিছতে ২১ ফেব্ৰুৱাৰীত ৩৩ জনীয়া দ্বিতীয় দল আৰু ৪ মাৰ্চত ২৫ জনীয়া তৃতীয়টো দল উমৰাহ হজৰ বাবে মক্কা মদিনালৈ ৰাওনা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index