ৰঙিয়া পৌৰসভাত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ – নিৰ্বাচনী যু্ঁজত দেৰকুৰি প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

0 198

অহা ৬ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৰঙিয়া পৌৰসভাৰ ১০টা ৱাৰ্ডৰ নিৰ্বাচনী যুঁজৰ চূড়ান্ত তালিকাত অৱশেষত অৱতীৰ্ণ হ’ল দেৰকুৰি প্ৰাৰ্থী । উল্লেখ্য যে, ৭ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মাকণ জ্যোতি বনিয়া আৰু ৮ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মাচুমা আখতাৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত মনোনয়ন পত্ৰ দাখিল কৰা ৩২ গৰাকীৰ ভিতৰত ৰঙিয়া পৌৰ সভা নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থান লাভ কৰে ৩০ গৰাকী প্ৰাৰ্থীয়ে । দুগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ পাছত তিনিকোণীয়া প্ৰতিদ্বন্দিতাৰ বিপৰীতে ৭ আৰু ৮ নং ৱাৰ্ডত পোনপটীয়া নিৰ্বাচনী সমৰত নামিল ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ।
এইবেলি ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনত ১ নং ৱাৰ্ডত ৪ গৰাকী, ২ নং ৱাৰ্ডত ৫ গৰাকী, ৩ নং ৱাৰ্ডত ২ গৰাকী, ৪ নং ৱাৰ্ডত ২ গৰাকী, ৫ নং ৱাৰ্ডত ৪ গৰাকী, ৬ নং ৱাৰ্ডত ২ গৰাকী, ৭ নং ৱাৰ্ডত ২ গৰাকী, ৮ নং ৱাৰ্ডত ২ গৰাকী, ৯ নং ৱাৰ্ডত ৪ গৰাকী আৰু ১০ নং ৱাৰ্ডত ৩ গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দিতা হ’ব ।
ইফালে, ৰঙিয়া পৌৰসভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মহকুমা প্ৰশাসনে ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অসম চৰকাৰৰ ভূমি অধিগ্ৰহণ আৰু সংস্কাৰ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰৱীৰ কুমাৰ দত্ত ,(অ. অ.সে. ) ক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে । ৰঙিয়া পৌৰসভা নিৰ্বাচনৰ কাম – কাজ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন পৰ্যবেক্ষক ৰূপে উপস্থিত হোৱা দত্ত বৰ্তমান ৰঙিয়া আৱৰ্ত ভৱনত আছে আৰু তেখেতে নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত তদাৰক কৰি আছে ৷ নিৰ্বাচন সংক্ৰান্তীয় ওজৰ-আপত্তি থাকিলে পৰ্য্যৱেক্ষক গৰাকীক ৯১০১১৪১৬৪৯ দূৰভাষ নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব বুলি তেখেতে জানিবলৈ দিয়ে ।
ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশে, ভা: প্ৰ: সে:, নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়  সহযোগিতা কামনা কৰে । নিৰ্বাচন স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতে নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । এইবাৰ পৌৰসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বেলট কাকতৰ পৰিৱর্তে ই ভি এম যোগে ভোটগ্ৰহণ কৰা হ’ব ।
প্ৰণিধানযোগ্য যে, অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুযায়ী ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ’ব । ৯ মাৰ্চত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হব। আনহাতে, ৰঙিয়া পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ২৩ টা ভোট কেন্দ্ৰৰ ভিতৰত ২১ টা ৰঙিয়া বিধানসভা সমষ্টিত আৰু ২টা কমলপুৰ বিধানসভা সমষ্টি এলেকাৰ অন্তৰ্গত । লক্ষ্যণীয় যে, ৰঙিয়া পৌৰসভাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি৷ পৌৰসভা এলেকাত মুঠ ভোটাৰ আছে ২২,২৫৯ গৰাকী। ইয়াৰ ভিতৰত ১০,৯৮১জন পুৰুষ ভোটাৰৰ বিপৰীতে ১১,২৭৮ গৰাকী মহিলা ভোটাৰ ।

 

বাতৰি যুগুতালে ৰঙিয়া পৰা দীনেশ আগৰৱালাই..

Leave A Reply

Your email address will not be published.