অসমৰ বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডাঃ ধনেশ্বৰ কলিতাক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 284

অসমকে ধৰি দেশৰ আয়ুৰ্বেদিক শিক্ষা, গৱেষণা আৰু চিকিৎসাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবৈদ্য অৱদানৰ বাবে অসমৰ এগৰাকী বিশিষ্ট চিকিৎসক আৰু গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতালৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতাক কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে” Fellow of National Academy of Ayurveda” বঁটা প্ৰদানৰে সন্মানিত কৰিছে। যোৱা ১১ মাৰ্চত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ ২৫ সংখ্যক সমাবৰ্তন উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডাঃ ধনেশ্বৰ কলিতাক এই সন্মানীয় বঁটা প্ৰদান কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে। ডাঃ কলিতাৰ লগতে দেশৰ মুঠ দহ গৰাকী আয়ুৰ্বেদ চিকিৎসকক এই বঁটাসহ সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ হুদুমপুৰ কুকুৰীয়া নিবাসী তথা বৰ্তমান গুৱাহাটীৰ আদাবাৰীৰ বাসিন্দা ডাঃ কলিতা চাৰি বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিলেও তেওঁ আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰচাৰ, প্ৰসাৰ, গৱেষণা আৰু চিকিৎসাৰ ক্ষেত্ৰখনৰ লগত অহৰহভাবে জড়িত হৈ আছে। ডাঃ কলিতাই প্ৰথম বাৰৰ বাবে এই সন্মানীয় বঁটা লাভ কৰি ৰাজ্যৰ আয়ুৰ্বেদ ক্ষেত্ৰখনলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা বাবে আয়ুৰ্বেদ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ লগত জড়িত বিভিন্ন দল সংগঠনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে সমাবৰ্তনত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ‘আয়ুৰ্বেদ আহাৰ সুস্থ ভাৰতৰ আধাৰ’ শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰো শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Leave A Reply

Your email address will not be published.