গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন। ১৯ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত হ’বলগীয়া এই সভাখন সুচাৰুৰূপে আয়োজন কৰিবৰ বাবে অসম অলিম্পিক সন্থাই ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত শণিবাৰে অসম অলিম্পিক সন্থাৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পৌৰাহিত্যত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সৰ্বানন্দ সোণোৱালে ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সফলতাৰে আয়োজন কৰাৰ বাবে হেমন্ত কুমাৰ কলিতাৰ নেতৃত্বত অসম অলিম্পিক সন্থাই গঠন কৰি দিয়া অভ্যৰ্থনা কমিটিখনক আজিৰ সভাৰ পাছৰ পৰাই সষ্টম হৈ পৰিবলৈ আহ্বান জনায়। সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে সভাখনত ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰায় ২০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সভাখনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা নীতা আম্বানিৰ উপৰি অঞ্জু ববী জৰ্জৰ দৰে প্ৰাক্তন তাৰকা খেলুৱৈও উপস্থিত থাকিব। লক্ষ্য কোঁৱৰে লগতে কয়- বিগত বছৰসমূহত গুৱাহাটীয়ে উচ্চমানৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি থকাৰ বাবেই বেংগালুৰু, গুৰুগ্ৰাম আৰু নতুন দিল্লীৰ দৰে স্থানক পিছ পেলাই ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন আয়োজনৰ সুযোগ লাভ কৰিছে। প্ৰতিনিধিসকল হোটেল নভ’টেল আৰু ভিভান্টাত থকিব বুলিও কোঁৱৰে লগতে জানিবলৈ দিয়ে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও গুৱাহাটীত ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বিষয়টোত ইতিমধ্যে আনন্দ প্ৰকাশ কৰিছে। তদুপৰি ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচনৰ সকলো কাম-কাজ নিয়াৰিকৈ কৰাৰ বাবে ১ ডিচেম্বৰৰ পৰা অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজক কমিটিৰ সচিবালয় সষ্টম হৈ পৰিব। এই সচিবালয়ৰ পৰাই সকলো কাম কাজ তদাৰক কৰা হ’ব। আজিৰ সভাত অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচার্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাও উপস্থিত থাকে।
Trending
- বিভিন্ন বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী সিংহলৰ ৭ খনকৈ গুৰুত্বপূৰ্ণ বৈঠক
- ৰাসৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ-সকলো সময়তে সুস্থ দেহ-মন ধৰি ৰাখিবলৈ হ’লে পথ-সুৰক্ষাৰ সজাগতা একান্তই আৱশ্যক
- ৰঞ্জিত হাজৰিকাৰ ভিন্নসুৰী গ্ৰন্থ শত জীৱন কত কথা উন্মোচন
- ৰঞ্জিত হাজৰিকাৰ ভিন্নসুৰী গ্ৰন্থ শত জীৱন কত কথা উন্মোচন
- ওদালগুৰি জিলাৰ চমুৱাপাৰা গেন্দ্ৰাজুলি বোঁৱতি জলসিঞ্চন আঁচনিৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ
- চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মিৰ্জাত আন্তজাৰ্তিক দিব্যাংগ দিৱস পালন
- Coal India Guwahati Half Marathon
- সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ উদ্যোগত-প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা
- প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ হিতাধিকাৰীৰ পঞ্জীয়ন শিবিৰ সম্পন্ন