অসম সাহিত্য সভাই ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ প্রথম আংশিক কার্যনির্বাহক সভা আৰু প্রথম কর্ণধাৰ সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ ‘যুৱ-সংসদ’ৰ উপ-সভাপতি হিচাপে বিশিষ্ট সাহিত্যিক, লেখক, সাংবাদিক মন্টু শইকীয়াক অসম সাহিত্য সভাৰ ‘যুৱ-সংসদ’ৰ উপ-সভাপতি হিচাপে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিয়ে মনোনীত কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকে অসম সাহিত্য সভাৰ ‘যুৱ-সংসদ’ৰ উপ-সভাপতি পদৰ বাবে মনোনীত কৰি অনুমোদন কৰিছে। মন্টু শইকীয়াৰ জাতিপ্রেম, ভাষাপ্রেম তথা সাহিত্য সভাৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবেই অসম সাহিত্য সভাই স-সন্মানেৰে এই দায়িত্ব অর্পণ কৰি মনোনীত কৰিছে। উল্লেখ্য যে মন্টু শইকীয়াই বৰ্তমানলৈকে ১৮ খন গ্ৰন্থ ৰচনা কৰিছে।তেখেতৰ এই সাফল্যতাৰ বাবে এন ই ফ’কাচৰ তৰফৰ পৰা জনাইছো অলেখ অভিনন্দন।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন