অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীক অশ্ৰুসিক্ত নয়নৰে বিদায় দিলে বিষয়া – কৰ্মচাৰীয়ে , ক’ভিডৰ ভয়াবহতা নেওচিও নিৰন্তৰ সেৱা আগবঢ়াই অহা বাবে সকলোকে প্ৰশংসা

0 276

ভাৰতীয় আৰক্ষী সেৱাৰ ডি আই জি পদমৰ্যাদাৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীক কালি নিগমৰ পল্টনবজাৰস্থিত মুখ্য কাৰ্যালয় পৰিবহন ভৱনত বিষয়া – কৰ্মচাৰী আৰু ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ বিষয় ববীয়া সকলে অশ্ৰুসিক্ত নয়নৰে বিদায় জনায় । বিশেষকৈ ডেপুটেচনত নিজ গৃহৰাজ্য উত্তৰ প্ৰদেশ আৰক্ষীত নিযুক্তি হোৱা বাবে আনন্দ প্ৰকাশ তিৱাৰীক অসম চৰকাৰে যাবলৈ অনুমতি দিছে । আনহাতে এই উপলক্ষে ক’ভিড প্ৰট’কল অনুসৰি সীমিত সংখ্যক বিষয়া – কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্বত কৰে নিগমৰ মুখ্য অভিযন্তা বলীন দাসে আৰু আঁত ধৰে ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত নিগম আৰু কৰ্মচাৰী সন্থাৰ ফালৰ পৰা বিদায়ী আনন্দ প্ৰকাশ তিৱাৰীক প্ৰশস্তি পত্ৰ , শৰাই , গামোছা , চেলেং চাদৰ , ফুলৰ থোপাৰে বিষয়া – কৰ্মচাৰী সকলে আদৰণি জনায় আবেগিক হৈ পৰে । ইফালে আবেগিক পৰিবেশত অনুষ্ঠিত সভাখনত নিজেও আবেগিক হৈ পৰে আনন্দ প্ৰকাশ তিৱাৰী । চকুলো টুকি তিৱাৰীয়ে কয় মোক অসম চৰকাৰে প্ৰায় পাঁচ বছৰ পূৰ্বে ২০১৬ চনৰ ২০ জুলাইত নিগমৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছিল । মই দায়িত্ব গ্ৰহণ কৰাৰ পাছতে আপোনালোকক এটা টীমৱৰ্কৰ দৰে কাম কৰিবলৈ আহ্বান জনাইছিলো । সেই আহ্বান অনুসৰি আপোনালোকে এটা টীমৰ দৰে কাম কৰা বাবে নিগম আজি বহুখিনি ঠন ধৰি উঠিবলৈ সক্ষম হৈছে । বিগত সময়চোৱাত আপোনালোকে মোক দিয়া মৰম–স্নেহ মই কেতিয়াও পাহৰিব নোৱাৰিম । মই যতেই নাথাকো কিয় যেতিয়াই আপোনালোকে মোৰ সহায় বিচাৰিব তেতিয়াই মই সহায় কৰিম । আনহাতে বিগত সময়চোৱাত কোনোবাক যদি বিভাগীয় তাগিদাত কিবা টানকৈ কৈছিল তাক ধৰি নাথাকিবলৈ তিৱাৰীয়ে আহ্বান জনায় আৰু সকলোৰে সমূহীয়া প্ৰচেষ্টাত ভগৱানৰ আশীৰ্বাদত নিগম পূৰ্বতকৈ আৰু অধিক শক্তিশালী হব বুলি আশা ব্যক্ত কৰি তিৱাৰীয়ে ক’ভিডৰ ভয়াবহতা নেওচিও বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা চালক – পৰিচালককে ধৰি বিষয়া – কৰ্মচাৰী সকলে দিনে নিশাই কৰি অহা নিৰন্তৰ সেৱাৰ শলাগ লয় । সভাত তিৱাৰীয়ে বিষয়া – কৰ্মচাৰী সকলক ক’ভিডত নিৰন্তৰ সেৱা আগবঢ়াই অহা বাবে প্ৰশস্তি পত্ৰ বিতৰণ কৰে । সভাত নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় , উপাধ্যক্ষ হৰিচৰণ বড়ো , উপ মহা প্ৰবন্ধক কুলেন্দু খাটনিযাৰ , মুখ্য বাণিজ্যিক প্ৰবন্ধক মুৰুলি বৰাকে ধৰি কেবাজনো বিষয়া , ভূপতি শৰ্মা , চুলেমান আলী বেপাৰী , কৈলাশ তালুকদাৰ , গুণজিৎ পাঠক , কনক ভৰালীকে ধৰি কৰ্মচাৰী সন্থাৰ কেবাজনো বিষয় ববীয়াই আনন্দ প্ৰকাশ তিৱাৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেওঁ নিগমৰ উন্নতিৰ বাবে কৰা ত্যাগক শ্ৰদ্ধাৰে সদায় সোঁৱৰণ কৰিব বুলি ব্যক্ত কৰে । উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীয়ে অহা এটা সপ্তাহৰ ভিতৰতে ডেপুটেছনত উত্তৰ প্ৰদেশৰ আৰক্ষী বাহিনীত ডি আই জি হিচাপে যোগদান কৰিব । জানিব পৰা মতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সৈতে অতিকৈ ঘনিষ্ঠ সম্পৰ্ক থকা তিৱাৰীৰ ঘৰো মুখ্যমন্ত্ৰী জনাৰ ঘৰৰ ওচৰতে।

Leave A Reply

Your email address will not be published.