অহা ২ নৱেম্বৰৰ পৰা খুলিব বিদ্যালয় মহাবিদ্যালয় সমূহ-ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত আৰু কি আছে

0 281

অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়,মহাবিদ্যালয় সমূহ আৰম্ভ হ’ব। ৰাজ্য চৰকাৰে এই সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।
 
 
ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ হ’ব। ষষ্ঠ,অষ্টম,দশম,দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰতি সোমবাৰ,বুধবাৰ আৰু শুকুবাৰে হ’ব।এই ক্ষেত্ৰত বিদ্যালয় মুৰব্বীয়ে শ্ৰেণীৰ বেটছ নিৰ্ধাৰণ কৰিব।
 
 
সপ্তম, নৱম,আৰু একাদশ শ্ৰেণীৰ পাঠদান প্ৰতি মঙলবাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে  হ’ব। প্ৰতিটো শ্ৰেণীৰ দুটাকৈ বেটছ থাকিব লাগিব। অৱশ্যে শিক্ষাৰ্থীৰ সংখ্যা ২০ জনতকৈ কম হ’লে এটা বেটছই হ’ব।
 
 
আনহাতে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো অহা ২ নৱেম্বৰৰ পৰা খোলা হ’ব যদিও হোষ্টেলসমূহ প্ৰথম এমাহ বন্ধ থাকিব।ইফালে এক তৃতীয়াংশ শিক্ষাৰ্থী কঢ়িয়াই বাছ চলা-চল কৰিব পাৰিব। সকলোৱে মাস্ক আৰু ছেনিটাইজ পৰিধান কৰাটো বাধ্যতামূলক।

Leave A Reply

Your email address will not be published.