আমেৰিকাৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হ’ল অৰণ্য মানৱৰ বিষয়ে

0 529

অসমবাসীৰ বাবে সুখবৰ।অসম গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েঙৰ কৰ্মৰাজি সন্নিবিষ্ট হ’ল আমেৰিকা বিদ্যালয়ৰ পাঠ্যক্ৰমত।উল্লেখযোগ্য যে আমেৰিকা বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।
 
 
 
অৰণ্য মানৱ গৰাকী এই স্বীকৃতিকলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়- অৰণ্য মানৱ যাদৱ পায়েঙদেৱৰ পৰিৱেশ সচেতনতা আৰু প্ৰকৃতিৰ সৈতে থকা আত্মীয়তাই কেৱল আমাৰ দেশৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনগণক উদ্বুদ্ধ কৰিছে। সুদূৰ আমেৰিকাৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত তেখেতৰ বিষয়ে অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰতিফলিত কৰিছে- বিশ্বজুৰি থকা তেখেতৰ সুনামৰ কথা।
 
পায়েঙৰ এই স্বীকৃতিত অসমবাসী গৌৰৱান্বিত। তেখেতৰ কৰ্মচেতনাৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে পৰিৱেশ তথা জৈৱ বৈচিত্ৰতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে একেলগে কাম কৰি যাব লাগিব।

Leave A Reply

Your email address will not be published.