পশ্চিম গুৱাহাটীত ৰাইজৰ মাজত ক’ভিড সজাগতা সৃষ্টিৰ বাবে ১৭৫ চি আৰ পি এফৰ ১০০ দিনীয়া কাৰ্যসূচী আৰম্ভ

0 449

পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ উদ্যোগত ৰাইজৰ মাজত ক’ভিডৰ সজাগতা সৃষ্টিৰ বাবে ১২ অক্টোবৰৰ পৰা ১০০ দিনীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে।১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা সজাগতা কাৰ্যসূচীৰ অহা বর্ষৰ ১৯ জানুৱাৰীত সামৰণি পৰিব।
 
 
আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাণীকে ধৰি কাষৰীয়া অঞ্চলত বাস কৰা ৰাইজৰ মাজত ক’ভিড সজাগতা সৃষ্টিৰ বাবে মাস্ক, চেনিটাইজাৰ, চাবোন, আদি বিতৰণ কৰা হয়। তেনেদৰে চাবোনৰে হাত ধোঁৱা পদ্ধতি আৰু সামাজিক দূৰত্ব বজাই ৰখা আদিৰ বিষয়ে বুজাই দিয়া হয়। কার্যসূচীত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা, চেকেণ্ড-ইন-কামাণ্ড কে.এল.ধীমান, পৰিদৰ্শক দেশবীৰ সিং, উপ-পৰিদৰ্শক দিলীপ কুমাৰ তিৱাৰী, সহ: উপ-পৰিদৰ্শক বি.কে.স্বামীকে ধৰি বাহিনীটোৰ আন বিষয়া জোৱান সকলে ভাগ লয়।

Leave A Reply

Your email address will not be published.