জ্ঞান হৈছে অভিজ্ঞতাৰে আহৰণ কৰা মহাশক্তি। সেইবাবে জ্ঞানৰ দ্বাৰা আহৰণ কৰা শক্তি কৰ্মলৈ ৰুপান্তৰ কৰিব লাগিব। ভাল মনৰ গৰাকী হ’বলৈ আধ্যাত্মিক শক্তিৰ প্ৰয়োজন। আমাৰ উঠি অহা প্ৰজন্মই আধ্যাত্মিক চেতনাই মানৱীয় প্ৰমূল্যবোধক প্ৰসাৰ ঘটাব লাগিব। এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ। আজি উত্তৰ গুৱাহাটীস্থিত আউনীআটী শাখা সত্রৰ অতিথিশালা উদ্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে এনেদৰে কয় আউনীআটী সত্রই জাতীয় জীৱনৰ চেতনা প্ৰবাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱৰ আদৰ্শৰে আমি আগুৱাব লাগিব। লগতে আউনীআটী সত্রই ধিঙৰ ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্রত ভূমিদান কৰাৰ বাবে প্ৰশংসা কৰে। আউনীআটী সত্রৰ সত্রাধিকাৰ পিতাম্বৰদেৱ গোস্বামীয়ে আদৰণি ভাষণ আগবঢোৱা অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে