আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি,ইউ পি পি এল দলক তীব্ৰ প্ৰত্যাহ্বান জনাই বিটিএডি এলেকাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সাংগঠনিক কৰ্মশালা আৰম্ভ-লোকসভা নিৰ্বাচনত অকলশৰে যুঁজিব বিপিএফ : হাগ্ৰামা

0 144

আগন্তুক গাঁও পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত প্ৰতিটো আসন নিজ দখলত অনাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে নামনী অসমতো বিজেপি মিত্ৰজোঁট ,কংগ্ৰেছ(ই) আৰু এ আই ইউ ডি এফ আদি দল সমূহে নিজ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি থকাৰ সময়তে এইবাৰ বিটিএডি এলেকাৰ দুটা সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু মঙ্গলদৈ আসন দুটা দখল কৰাৰ অৰ্থে ইউ পি পি এল ৰ প্ৰধান প্ৰমোদ বড়োক তীব্ৰ প্ৰত্যাহ্বান জনাই নামি পৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী।

মূলতঃ যোৱাকালি এলেকাটোৰ ওদালগুৰিত বিপিএফৰ বিশেষ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰাৰ পিছত আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা আৰু গোসাঁইগাঁওত দুখন সভাত উপস্থিত হৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজ স্বভাৱ সুলভ ৰসিকতাৰে ভাষণ দি দলটোৰ নেতা কৰ্মী আৰু শুভাকাংক্ষীক আকৰ্ষিত কৰে ।পিছত সংবাদ মাধ্যমক বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই বিপিএফ দল অকলশৰে যুঁজিব আগন্তুক লোকসভা নিৰ্বাচন।তেওঁ কয় কোনো ধৰণৰ মিত্ৰতাত আমি নাই। আমি বিজেপি ,ইউ পি পি এল দলক তীব্ৰ প্ৰত্যাহ্বান জনাই কোকৰাঝাৰ আৰু মঙ্গলদৈ আমি জয়ী হ’মেই। অৱশ্যে যোৱা কালিৰে পৰা অনুষ্ঠিত হোৱা প্ৰতিটো সভাত অগণন লোকৰ উপস্থিতি য়ে আগন্তুক দিনত বিশেষ এক ইংগিত বহন কৰাই নহয়।ইউ পি পি এল প্ৰধান প্ৰমোদ বড়োক সচকিত কৰি তোলা বুলি জানিব পৰা গৈছে।অহাকাইলৈ বাক্সা জিলাত অনুৰূপ সভা অনুষ্ঠিত কৰিব।আৰু অহা ৪(চাৰি) মাৰ্চ ত বৰমাত বিপিএফ দলৰ বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হব।ইয়াৰ পিছত হে চূড়ান্ত ৰূপ প্ৰকাশ পায়। আজিৰ সভাত এম চি এল এ মুনমুন ব্ৰহ্ম আৰু দেৰহাচাত বসুমতাৰীকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.