ক`ভিড পৰিস্থিতিৰ মাজতো ৰাজ্যজুৰি চলাইছে অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি। ইফালে ঠায়ে ঠায়ে বিভিন্ন আকৃতিৰ ভেলাঘৰ , মেজিঘৰ , বুঢ়ীঘৰ সাজি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে একাংশই । আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা বৰবৰী ৰাইজ গয়ৰহে বিগত বছৰ সমূহৰ দৰে এইবেলিও নৰা বা খেৰৰ সলনি বাঁহৰে নিৰ্মাণ কৰিছে ভেলাঘৰ । বৰবৰী ৰাইজ গয়ৰহৰ সভাপতি অৰবিন্দ দাস আৰু সম্পাদক কৃষ্ণ দাসে জানিবলৈ দিয়া মতে ১৩ জানুৱাৰীত উৰুকাৰ নিশা ৰাইজে মেজিৰ ওচৰত নিৰ্মাণ কৰা বুঢ়ীঘৰত লগে ভাগে এসাজ খাব । ইতিমধ্যে প্ৰায় এক সপ্তাহ পূৰ্বে অঞ্চলটোৰ ডেকা সকলে কিছু নিলগৰ ছাটাৰগাঁওৰ বনাঞ্চলৰ পৰা ৩০ পৰা ৪০ ফুট ওখ ১০০ মান শুকান বাঁহ আনি ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে ।তেনেদৰে ওচৰৰ পথাৰৰ পৰা সংগ্ৰহ কৰা নৰাৰে নিৰ্মাণ কৰা হৈছে বুঢ়ীঘৰ।মুঠৰ ওপৰত পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু পালন কৰা হ`ব বুলি সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি