আজাৰা কাঁহিকুছিৰ কে ভি কে আৰু মাছৰুম উৎপাদক সন্থাৰ যৌথ উদ্যোগত মাছৰুম দিৱস উদযাপন

0 240

পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে), কামৰূপ আৰু সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ যৌথ উদ্যোগত ১০ জানুৱাৰীত উত্তৰ গুৱাহাটীত তৃতীয় মাছৰুম দিৱস উদযাপন কৰা হয়। এই উপলক্ষে সন্থাৰ সাধাৰণ সম্পাদক বসন্ত শৰণীয়াই আঁত ধৰা অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ মাছৰুম উৎপাদনৰ সৈতে জড়িত ৬০ জন কৃষকে ভাগ লয়। অনুষ্ঠানত অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সহকাৰী সঞ্চালক ইউচুফ আলী, কে.ভি.কেৰ মুখ্য দশকফক্সগক , কৃষি বিজ্ঞানী ড.ধীৰেন্দ্ৰনাথ কলিতা, বিজ্ঞানী ক্ৰমে- ড০ মধুস্মিতা কটকী, ড০ প্ৰমোদ ডেকা, ড০ অখিল ডেকা, পৰাগ শইকীয়াই অনুষ্ঠানত ভাগ লৈ বিজ্ঞান সন্মতভাবে মাছৰুম উৎপাদন কৰি কিদৰে আৰ্থিক ভাৱে লাভবান হব পাৰি তাৰ কৌশল সমূহ কৃষক সকলক অৱগত কৰে।

Leave A Reply

Your email address will not be published.