গুৱাহাটী মহানগৰীৰ মালিগাঁওৰ কাষৰীয়া আদেংগিৰী মাধৱদেৱ নগৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত কাতি মাহ উপলক্ষে সমগ্ৰ মাহজুৰি পৱিত্ৰ গীতা পাঠ আয়োজন কৰা হয়। এমহীয়া কাতি বিহুৰ গীতাপাঠৰ সামৰণি উপলক্ষে ২২ নৱেম্বৰৰ সন্ধিয়া নামঘৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হয় । নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কুশল চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰে সম্পাদক নয়ন ডেকাই । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এমহীয়া কাতি বিহুৰ গীতাপাঠৰ দৰে আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা বাবে আয়োজক সকলৰ শলাগ লয় । সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে ভাষণত এনে ধৰণৰ পৱিত্ৰ গীতাপাঠৰ দ্বাৰা অপায় অমংগল দূৰ হৈ সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এখন সমাজ প্ৰতিষ্ঠা হ’ব বুলি আশা ব্যক্ত কৰে ।সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় প্ৰচাৰক কূটলেশ কুলকাৰণী , সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উলাৰ্জী কুলকাৰণী , গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাস , শিল্পী এছ কে শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap