প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

0 254

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,বৰেণ্য ৰাজনীতিবিদ তৰুণ গগৈৰ বিয়োগত আজিৰেপৰা তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
 
 
তেওঁ কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত ৰাজ্যবাসীয়ে এগৰাকী মহান নেতাক হেৰুৱালে ।ওৰেটো জীৱন জনগণৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰি মূল্যবোধৰ এক মহান আদৰ্শ প্ৰতিষ্ঠা কৰি যোৱা এইগৰাকী নেতাৰ বিয়োগত তেওঁ ব্যক্তিগত ভাৱেও এগৰাকী পিতৃক হেৰুৱা দৰে বেদনা অনুভৱ কৰিছো।তেওঁ কয় যে পিতৃয়ে সন্তানক আদেশ দিয়া দৰে দেশৰ স্বাৰ্থৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁক মাজে সময়ে উপদেশ দিছিল।
 
আজি তেখেতেৰ বিয়োগত সেই মৰমৰ পৰা বঞ্চিত হ’ল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।২০১৬ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সপদ লোৱাৰ প্ৰাকমুহূৰ্তত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ কাষত উপস্থিত হৈ তেওঁ আশীৰ্বাদ বিচাৰি যোৱাত স্মৃতি ৰোমন্থন কৰিও মুখ্যমন্ত্ৰী সোণোৱাল আৱেগবিহ্বল হৈ পৰে।
উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱা খবৰ পায়েই মুখ্যমন্ত্ৰী সোনোৱালে আজি পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰি ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীলৈ উভতি আহে।লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ পৰা পোনে পোনে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে।

Leave A Reply

Your email address will not be published.