ৰাজনীতিৰ এক বৰ্ণিল যুগৰ অৱসান ঘটিল!বিদায় মাগিলে এগৰাকী দক্ষ ৰাজনীতিবিদে

0 328

এটা যুগৰ অৱসান ঘটিল।ৰাজ্যৰ অশান্ত ময় পৰিবেশ পৰিস্থিতিক শান্ত কৰি কৌশলৰে গতি দিয়াৰ এক সত্বাই বিদায় মাগিলে।হয়, ঠিকেই শুনিছে! অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই।আজি বিয়লি ৫:৩০ বজাত তেখেতে ইহলীলা সম্বৰণ কৰে।
 
অসমৰ ৰাজনীতি জগতক এক মাত্রা প্ৰদান কৰা বয়সীয়াল ৰাজনীতিবিদ গৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল।ক’ৰণা মহামাৰীত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল যদিও পুনৰ স্বাস্থ্য অৱনতি ঘটাত চিকিৎসালায়ত ভৰ্তি হয়।অৱশেষত নিয়তিৰ সৈতে যুঁজি যুঁজি হাৰ মানিলে এই নেতাগৰাকীয়ে।তেখেতৰ মৃত্যুত সহস্ৰজনে শোকপ্ৰকাশ কৰিছে।
 
আমালৈ প্ৰেৰণ কৰা বাৰ্তা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত প্ৰেছ ক্লাব অসমৰ গভীৰ শোকপ্ৰকাশ কৰিছে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত দেৱালয় সংঘয়ো শোকপ্ৰকাশ কৰিছে।
আনহাতে মানৱ অধিকাৰ কৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই শোক বাৰ্তা প্ৰেৰণ কৰি এনেদৰে দুখ প্ৰকাশ কৰিছে।ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মই অতিকে মৰ্মাহত হৈছো। গগৈ ডাঙৰীয়া এজন সহজ সৰল ব্যক্তিত্বৰে ভৰা ৰাজনৈতিক যোদ্ধা আছিল। তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সামাজিক কামত বহুবাৰ তেওঁৰ সৈতে ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ হেতু আলোচনাত মিলিত হৈছিলো। তেওঁ মোৰ হৃদয়ত প্রোজ্বল স্মাৰক হিচাপে চিৰদিন থাকিব।
 

Leave A Reply

Your email address will not be published.