আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে এখন অসমীয়া ছবি

0 265

অসমৰ ছবি জগতলৈ আহিছে এক ভাল খবৰ।  ইংৰাজী ভাষাত নিৰ্মিত এখন ছুটী ছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
 
 
অসমৰ থলুৱা জীৱনক বিষয়বস্তু হিচাপে লৈ ছবিখন নিৰ্মাণ কৰা হৈছে। এই ছবিখনৰ নাম হৈছে মাই লাইফ। ১৪মিনিটৰ এই ছবিখনে ইতিমধ্যে লাভ কৰিছে শ্ৰেষ্ঠ ছুটী ছবিৰ সন্মান। যোৱা ৫জুনত আনুষ্ঠানিকভাৱে শুভ মুক্তি দিয়া হৈছিল।
 
 
কিন্তু মুক্তিৰ পিছতে এই ছুটী ছবিখনে আমেৰিকান গল্ডেন পিকচাৰ্ছে ‘আউটষ্টেণ্ডিং এচিভমেন্ট এৱাৰ্ড’ আৰু ‘বেষ্ট ছৰ্ট ফিল্ম-২০২০’ৰ বাবে মনোনীত হয়।
 
 
মাই লাইফ ছবিখন পৰিচালনা কৰিছে গজেন পাংগিংয়ে। এই ছুটি ছৱিখনক টেগৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেললৈ মনোনীত কৰাত অসমৰ ছবি জগতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ প্ৰথম বাৰৰ বাবে মিচিং জনগোষ্ঠীয় চৰিত্ৰৰ আধাৰত ইংৰাজী ভাষাত নিৰ্মিত এই ছৱিখনৰ আৰম্ভণিতে এনেকুৱা এক অভিনৱ যাত্ৰাই এক নতুন আশা কঢ়িয়াইছে অসমৰ ছবি উদ্যোগলৈ।
 
ছবিখনত অভিনয় কৰিছে প্ৰযোজক গজেন পাংগিঙৰ জীয়ৰি প্ৰিয়া পাংগিং, জোনাই লাইমেকুৰী গাঁৱৰ ৰাজীৱ বৰি, ডিব্ৰুগড়ৰ পানীগাঁৱৰ মিন্টু পাংগিংয়ে।নৱনিৰ্মিত এই ছবিখনে আৰম্ভণিতে লাভ কৰা এই কৃতিত্বৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷

Leave A Reply

Your email address will not be published.