প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে গুৱাহাটী প্ৰেছ ক্লাৱতো আজি সাংবাদিকসকলৰ এক চৰকাৰী পঞ্জীয়নভুক্ত সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচী ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক দীঘলীয়া কৰ্মৰাজীৰ বাবে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত গুৱাহাটী মহানগৰৰ জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টাল উপস্থিত থাকি ভাষণ প্ৰসঙ্গত কয় যে, সমাজ গঠনৰ ক্ষেত্ৰত বাতৰি কাকত, ইলেকট্ৰনিক মাধ্যম যথেষ্ট গুৰুত্ব আছে। সমাজ শৃংখলা বজাই ৰখাৰ বাবে সংবাদ মাধ্যমে যথেষ্ট কাম কৰিব পাৰে। শেহতীয়াভাৱে জনসাধাৰণৰ মাজত চ’চিয়েল মেডিয়াও জনপ্ৰিয় হৈ পৰিছে। চ’চিয়েল মেডিয়াত জনসাধাৰণে বক্তব্য সমুহ ৰাখোতে কিছু সতৰ্ক হোৱা প্ৰয়োজন। ৰাজ্যৰ সাংবাদিকসকলৰ বাবে চৰকাৰীভাৱে আৰু অধিক কল্যাণকামী আঁচনি লোৱাৰ প্ৰয়োজন আছে বুলি উপায়ুক্তগৰাকীয়ে ভাষণত উলেখ কৰে। আনহাতে আপকুৰ সম্বৰ্ধনা গ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয় যে, সাংবাদিকসকলে সমাজৰ বাবে আস্থাভাজন হোৱাৰ বাবে দায়িত্ব সহকাৰে কাম কৰিব লাগে। সংবাদ মাধ্যম সাংবাদিকসকলৰ স্নায়ু । বৰ্তমান সময়ত চ’চিয়েল মেডিয়াই যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ কথাও উল্লেখ কৰে। একাংশ সাংবাদিকে এতিয়াও যথেষ্ট কষ্ট সহকাৰে সংবাদ সেৱা আগবঢ়ায় আহিছে। এইসকলৰ হিতৰ বাবে সংবাদ মাধ্যম চৰকাৰী পক্ষই কাম কৰা উচিত। তেওঁ পুনৰ কয় সম্বৰ্ধনা গ্ৰহণ কৰি মই ভাল নাপাও। আমি এতিয়াও কাম কৰিয়েই আছো। মই নিজকে সম্বৰ্ধনাৰ যোগ্য বুলি নাভাবো। মাত্ৰ যিখিনি পাৰো ৰাইজৰ পক্ষত থাকি কাম কৰি যাবলৈ চেষ্টা কৰিছো। আন এগৰাকী সম্বৰ্ধিত ব্যক্তি নিয়মীয়াবাৰ্তাৰ সম্পাদক নৰেশ কলিতাই ভাষণ প্ৰসঙ্গত এতিয়ালৈ যিসকল সাংবাদিকে সমাজৰ হৈ কাম কৰি নিজৰ জীৱন বিসৰ্জন দিলে সেইসকলৰ ত্যাগৰ কথা সোঁৱৰণ কৰে। প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰি কলিতাই কয় বিগত সময়ছোৱাত যেতিয়াই সাংবাদিকৰ নিৰ্যাতনৰ বলি হয় তেতিয়া প্ৰেছ কাউন্সিল ভূমিকা যেনে হ’ব লাগিছিল তেনেকুৱা দেখা পোৱা দেখা নাই। এইসকলৰ হিতৰ বাবে সংবাদ মাধ্যমৰ কাউন্সিল কিছু সলনি হৈছে।সাংবাদিকৰ সুৰক্ষাৰ স্বাৰ্থত কাউন্সিলখন অধিক সক্ৰিয় হ’ব লাগে। আনহাতে উক্ত সভাত আনএগৰাকী অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়া, আপকুৰ উপদেষ্টা ভৱেশ বৰুৱাই ভাষণ প্ৰসঙ্গত সাংবাদিকসকলৰ আৰ্থ সামাজিক দিশ, নিৰাপত্তাৰ সম্পৰ্কত বিভিন্ন কথা উল্লেখ কৰে।
Trending
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত