বিশিষ্ট শৰীৰ চৰ্চাবিদ, সমাজকৰ্মী তথা চেলেংহাট হেলথ্ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি তুষাৰ পাল ড° বি আৰ আম্বেদকাৰ স্পৰ্টচ ফাউণ্ডেচনে আগবঢ়োৱা ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ২০১৯ ৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখ্য যে যোৰহাট জিলাৰ অতি ভিতৰুৱা চেলেংহাট নামচেচুত জন্মগ্ৰহণ কৰা তুষাৰ পালে ২০১০ চনত ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত সন্মান বুটলি অসম তথা চেলেংহাটলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ ৰূপে খ্যাতি অৰ্জন কৰা তুষাৰ পালে যুৱ প্ৰজন্মৰ সুস্বাস্থ্যৰ বাবে চেলেংহাট হেলথ্ ক্লাৱৰ যোগেদি বিভিন্ন সজাগতা মুলক কাৰ্য্যসূচী গ্ৰহণ কৰে। ২০১৬ চনৰ পৰা তুষাৰ পালে চেলেংহাট হেলথ্ ক্লাৱৰ উদ্যোগত আৰু আছাম প্ৰেছ কৰেচপণ্ডেন্টচ ইউনিয়ন যোৰহাট জিলাৰ সহযোগত সমগ্ৰ অসম জুৰি জীৱন ধ্বংসী ড্ৰাগছৰ বিৰুদ্ধে জন স্বাক্ষৰ গ্ৰহণ কৰে। তেওঁ সম্পূৰ্ণ বিনা মূলীয়াকৈ ড্ৰাগছ আসক্ত যুৱক সকলক যোগ প্ৰণায়ম আৰু শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে চেলেংহাট হেলথ ক্লাৱৰ শৰীৰ চৰ্চাৰ কেন্দ্ৰত। আনহাতে ২০১৭ চনৰ পৰা ৰাগীয়াল দ্ৰব্যৰ বিৰুদ্ধে তেওঁ নিচা মুক্ত অভিযানত সক্ৰিয়তাৰে নামি পৰে। তেওঁ অসমত সুৰাৰ ভয়াবহ প্ৰচলন আৰু অসমত সুৰা নিষিদ্ধ কৰিবৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ পত্ৰ লিখা লগতে প্ৰধান মন্ত্ৰীৰ পৰা সঁহাৰিও পত্ৰও লাভ কৰিছিল। তুষাৰ পালে মদে সমাজ আৰু জীৱনত পেলোৱা অপকাৰিতাৰ ওপৰত “ঘাটক” আৰু “পিকনিক” নামৰ দুখন চুটী ছৱি নিৰ্মান কৰি গ্ৰামাঞ্চল আৰু বাগিছাৰ বিভিন্ন ঠাইত বিনামূলীয়াকৈ প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ উপৰি অন্ধ বিশ্বাসৰ বিৰুদ্ধে দেশ কপোঁৱা অভি,নীল হত্যাকাণ্ডৰ ওপৰটো এখন ছুটী ছবি নিৰ্মান কৰি সমাদৰ লাভ কৰে। সমাজৰ ভালৰ বাবে নিজৰ পকেতৰ ধন খৰচ কৰি অহা তুষাৰ পালে অহা ২৫ আগষ্টত দিল্লীত আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিব। চেলেংহাটৰ সন্তান তথা অঞ্চলটোৰ প্ৰতিটো সামাজিক অনুষ্ঠানত জড়িত তুষাৰ পালে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত অঞ্চলটোৰ ৰাইজ আনন্দিত হৈ পৰা লগতে তেঁওক অভিনন্দন জ্ঞাপন কৰিছে।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন