আৰম্ভ হ’ল অসম বৃদ্ধ নিবাস

0 251

জীৱনৰ শেষ সময় ছোৱাত  পিতৃ মাতৃ  একাংশ সন্তানৰ বাবে একো একোটা বোজা হৈ পৰে ৷ কোনোবাই  নিসংগতা ভোগে , কাৰোবাৰ পিতৃ মাতৃক দিবলৈ সময়ৰ অভাৱ ৷ যাৰ বাবে জীৱনৰ শেষ কালত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন হয় ৷
সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰতো কেইজনমান শিক্ষিত অৱসৰ প্ৰাপ্ত ব্যক্তিৰ প্ৰচেষ্টাত এখন  বৃদ্ধাশ্ৰম স্থাপন কৰা হৈছে ৷ গুৱাহাটী পশ্চিম বৰাগাঁওত পূৰ্বাঞ্চলৰ বাবে অসম বৃদ্ধ নিবাস স্থাপিত হয় ৷ অসম চৰকাৰে দিয়া চাৰি বিঘা মাটিত অসম আৰ্হিৰে ৩ টাকৈ ঘৰ সজা হৈছে ৷  পৰিকল্পনা ১০০ জন আৱাসী থাকিব পৰাকৈ ব্যৱস্থা কৰা।
এই বৃদ্ধাশ্ৰমখন ২৩ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ভাৱে  শুভাৰম্ভ হ’ব ৷ সম্প্ৰতি চাৰিজন থকাৰ ব্যৱস্থা আছে ৷ এই বৃদ্ধাশ্ৰম খন মূলতঃ সমাজৰ নাগৰিকৰ সহায়ৰ বাবে লগতে সমাজৰ আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্মাণ কৰা হৈছে ৷ যিসকল দুখীয়া নিছলা বৃদ্ধ লোক তেওঁলোকৰ ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷ এই সকল দুৰ্ভগীয়া লোকক সহায় বাবে ৰাইজে মুক্ত হস্তে দান বৰঙনি আগবঢ়াব পাৰে বুলি সংবাদ মাধ্যমৰ যোগে জানিবলৈ দিছে ৷

Leave A Reply

Your email address will not be published.