অসম ৰাজ্যিক পৰিবহন নিগমৰ পদক্ষেপ- উবেৰাইজেচনৰ আঁচনিৰে যোগাযোগ ব্যৱস্থাক উন্নীতকৰণৰ প্ৰচেষ্টা

0 197

অসম ৰাজ্যিক পৰিবহণ নিগমৰ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ উবেৰাইজেচন আঁচনি আৰম্ভ কৰিছে  ৷ আজি পল্টনবজাৰস্থিত পৰিবহন নিগমৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে ৷ অসম চৰকাৰ পৰা আৱন্টিত ৭০ কোটি টকাৰে উবেৰাইজেচন আঁচনি আৰম্ভ কৰে ৷
 
উবেৰাইজেচন আঁচনি লক্ষ্য আৰু উদ্দেশ্য আলোকপাত কৰি তেখেতে  কয় যে  অসম চৰকাৰে আঁচনি ৰূপায়ণৰ বাবে ৭০ কোটি টকা আগবঢ়াইছে ৷  ইয়াৰে  ৫০ কোটি টকাৰে আঁচনিখনৰ অধীনত হিতাধিকাৰীক ৬৭৮ খন বিভিন্ন শ্ৰেণীৰ বাছ ক্ৰয় কৰাৰ বাবে ২৫ শতাংশ ধন আগবঢ়োৱা হ’ব ৷ এই ধনৰ ১০ শতাংশ হিতাধিকাৰীয়ে ৰাজসাহাৰ্য্য হিচাপে লাভ কৰিব আৰু বাকী ১৫ শতাংশ সুদ বিহীন হিচাপে ৫ বছৰৰ ভিতৰত নিগমক পৰিশোধ কৰিব লাগিব ৷ তেনেদৰে বাকী ৭৫ শতাংশ হিতাধিকাৰীয়ে বেংকৰ পৰা লাভ কৰিব ৷ বাছ পৰিচালনা কৰা অভিজ্ঞতা থকা অগ্ৰণী লোকৰ উপৰি চালক , পৰিচালক, মালিকে এই আঁচনি সুবিধা লাভ কৰিব ৷ উবেৰাইজেচন আঁচনি সুবিধা যিসকল লোকে ল’ব বিচাৰে অহা ২৯ ফেব্ৰুৱাৰী ভিতৰত আবেদন কৰিব লাগিব ৷ আবেদন সমূহ ৱেবছাইট www.astc.assam.gov.in ত লিংকৰ জৰিয়তে ৭ ফেব্ৰুৱাৰী পৰা মুকলি কৰি দিয়া হৈছে ৷ আৰু এক হাজাৰ টকাৰ মাচুলেৰে আবেদন কৰিব পাৰিব৷
 
আঁচনিখনৰ অধীনত ব্যক্তিগত উপৰিও ক্ষুদ্ৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটেও আবেদন কৰিব পাৰিব ৷ সমান্তৰালভাৱে গুৱাহাটীৰ দৰে যোৰহাট , ডিব্ৰুগড় , তেজপুৰ , শিলচৰ চহৰতো নিগমৰ অধীনত মহানগৰৰ দৰে বাছ সেৱা  চলাচল  হব ৷ আবেদনকাৰীয়ে বেলেগ বেলেগ পথত সৰ্বোচ্চ ৫ খন আবেদন কৰিব পাৰিব৷
 
আনহাতে ২০ কোটি টকাৰে নিগমৰ অধীনত ৰাজ্যত থকা ৰাজ্যৰ বাছ আস্থান সমূহৰ আন্তঃগাঁথনি উন্নত কৰি তাক যাত্ৰীৰ বাবে অনুকূল কৰা হ’ব ৷ নিগমৰ অধীনত নিৰ্মীয়মাণ অৱস্থাত থকা খানাপাৰ আৰু তেজপুৰ আই এছ বি টি দুটা চলিত বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি সদৰী কৰে ৷ আনহাতে সংবাদমেলত অংশলৈ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় উবেৰাইজেচন আঁচনিৰ অধীনত লাভ কৰা গাড়ী নিগমৰ অধীনত হিতাধিকাৰীয়ে কমেও ৭ বছৰ চলাব লাগিব ৷ নিগমৰ নিজা ৮৫০ খন বিভিন্ন শ্ৰেণীৰ প্ৰায় ৫০০ খন বাছ ৰাজ্যত চলি থাকে ৷ আগন্তুক দিনত নিগমৰ বাছৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি আনন্দ প্ৰকাশ তিৱাৰীয়ে সদৰী কৰে ৷ সংবাদমেলত নিগমৰ উপাধ্যক্ষ হৰিচৰণ বড়ো উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.