ই- নিউজ লেটাৰ- “দৰ্পণ” ৰ উন্মোচন

0 238

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভা কক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগ তথা বহনক্ষম উন্নয়নৰ লক্ষ্য কেন্দ্ৰ দ্বাৰা প্ৰস্তুত কৰা ‘দৰ্পণ’ নামৰ ই- নিউজ লেটাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখ্য যে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰথমখন ই-নিউজ লেটাৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ তথ্য সমূহ সৰবৰাহৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যখনত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ  দিশত এতিয়ালৈকে ৰূপায়ণ কৰা কাম কাজ সমূহৰ বিষয়েও আলোকপাত কৰাৰ প্ৰয়াস চলোৱা হৈছে।

CM launching E Newsletter DORPAN 2

এই ই- নিউজ লেটাৰ উন্মোচন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, চৰকাৰৰ নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াত বহনক্ষম উন্নয়নৰ লক্ষ্য অৰ্ন্তভুক্তিৰ ক্ষেত্ৰত অসমে হ’ল দেশৰ ভিতৰতে প্ৰথম ৰাজ্য। ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী বিভাগে ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ নীতি তথা কৌশল আহৰণৰ বাবে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বহনক্ষম উন্নয়নৰ সমূহ প্ৰতিটো লক্ষ্য আলোকপাত কৰি এক বিস্তাৰিত বহনক্ষম উন্নয়নৰ ৰাজ্যিক পৰিকল্পনা প্ৰস্তুত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। 

????????????????????????????????????

এই ই নিউজ লেটাৰখনে চৰকাৰী বিষয়া- কৰ্মচাৰী ৰাজ্যখনৰ যুৱক-যুৱতী, নাগৰিক, সমাজিক সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠন সমূহক  বহন ক্ষম উন্নয়নৰ যাত্ৰাত নিজকে জড়িত কৰাৰ বাবে উপযুক্ত মঞ্চ প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখ্য যে ‘দৰ্পণ’ নামৰ এই ই নিউজ লেটাৰখন বৰ্তমানে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পোৰ্টেলত উপলব্ধ। অতি সোনকালে এই নিউজ লেটাৰখন assam.mygov.in পোৰ্টেলটো উপলব্ধ হ’ব যাতে ৰাজ্যখনৰ সকলো নাগৰিকে অসমৰ বহন ক্ষম উন্নয়নৰ লক্ষ্য পথত নিজকে জড়িত কৰাব পাৰে।

Leave A Reply

Your email address will not be published.