কৃষ্ঞগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় উন্মোচন

0 219

DSC_8610

কৃষ্ঞগুৰু প্ৰভুৰ দৰ্শন আৰু আদৰ্শক বিস্তাৰিত কৰাৰ বাবে সকলো ভকতে দৃঢ় পদক্ষেপ ল’ব লাগিব আৰু প্ৰকৃত মানুহ হিচাপে পৰিচয় দিবলৈ হ’লে আধ্যাত্মিক শিক্ষা লাগিব। এই মন্তব্য মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি বৰপেটাৰ নসত্ৰৰ কৃষ্ঞগুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক বিশ্ববিদ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে। উল্লেখযোগ্য যে আজি নসত্ৰত মীন সংবৰ্দ্ধন প্ৰকল্প এটা উন্মোচিত হয়।

DSC_8727

আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে অসমত এখন ব্যতিক্ৰমী বিশ্ববিদ্যালয় স্থাপন হ’ল। সাধাৰণ শিক্ষাৰ লগতে বি এছ চি, এম এছ চি, নাৰ্চিং, বি এড, এম এড শিক্ষা আৰু যোগ শিক্ষা অন্তৰ্ভুক্ত হ’ব। ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰী গৰাকীয়ে আন্তঃগাঁঠনিৰ উন্নয়নৰ বাবে ৫ কোটি টকা ঘোষণা কৰে। লগতে কৃষ্ঞগুৰু সেৱাশ্ৰমৰ অধীনত নসত্ৰৰ লগতে অসম আৰু দিল্লীত থকা ১৪ খন কৃষ্ঞগুৰু বিশ্ববিদ্যালয়লৈ ২ কোটি ৮০ লাখ টকা ঘোষণা কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

সহযোগ কৰিলে- সৰ্থেবাৰীৰ  পৰা নকুল তালুকদাৰৰে

 

Leave A Reply

Your email address will not be published.