উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদত বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প উদ্বোধন

0 198

গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চল বৰ্ণিহাটস্থিত উত্তৰ-পূব বেত আৰু বাঁহৰ উন্নয়ন পৰিষদত আজি ট্ৰিটমেণ্ট প্ৰকল্প উদ্বোধন কৰা হয়।এই প্ৰকল্পটো উদ্বোধন কৰে ড’নাৰ,এমঅএছ পি এম অ পাৰ্চনেল, পাব্লিক গ্লিভনচ আৰু পেন্সন, পাৰমাণৱিক এনাৰ্জি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে।
এই প্ৰকল্প উদ্বোধন কৰি এনইচি, এনচিবিডিচিৰ ভূমিকা আৰু এনইচিবিডিচিৰ ড° চৌধুৰীৰ কামক ভূয়সী প্রশংসা কৰে ড° সিঙে।উল্লেখযোগ্য যে এই প্ৰকল্পটো ৰাষ্ট্ৰীয় বাঁহ মিছন আৰু উত্তৰ-পূব পৰিষদৰ পুঁজিদ্বাৰা স্থাপন আৰু ভেকুৱাম-পেচাৰ-ইমপ্ৰেজেনচন কৌশলৰ ওপৰত আধাৰিত।ভাৰতক স্বাৱলম্বী কৰি তোলাৰ বাবে এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ এক উদ্যোগ, যাৰ দ্বাৰা বাঁহ উদ্যোগ আৰু এই খণ্ডত নিয়োগ সৃষ্টি কৰিব পৰা যায়।এই প্ৰকাৰৰ প্ৰকল্পই উত্তৰ পূবৰ স্থানীয় যুৱ আৰু কৃষক সকলক ট্ৰিটমেণ্ট প্ৰকল্প স্থাপন কৰিবলৈ উৎসাহিত কৰিব।লগতে গাঁও বোৰত উৎপাদিত তেওঁলোকৰ বাঁহৰ বাবে এখন ভাল বজাৰ প্ৰদান কৰিব।বাঁহ-উদ্যোগীয়ে ২০০ শতাংশ লাভৰ মাৰ্জিন লাভ কৰাৰ সুযোগ পাব।
অসমত এই প্ৰযুক্তিৰ প্ৰৱৰ্তনে প্ৰতি বছৰে ৫০০ তকৈও অধিক শিল্পী ,উদ্যোগী,কৃষকক্ষেত্ৰ কৰ্মকর্তা,শিক্ষাৰ্থী,আৰ্কিটেক্ট,বিজ্ঞানী আৰু পেছাদাৰী লাভম্বিত হ’ব বুলি আশা কৰা হৈছে।এই উদ্বোধনী অনুষ্ঠানত এয়াৰ মাৰ্শ্বল তথা পিভিএছএম,এভিএছএম,মাননীয় সদস্য উত্তৰ-পূব পৰিষদৰ অঞ্জন কুমাৰ গগৈৰ লগতৰ এনইচিবিডিচিৰ মেনেজমেন্টৰ সঞ্চালক ড° শৈলেন্দ্ৰ চৌধুৰী, এনইচিৰ উপদেষ্টা আৰ লালৰোডিচিৰ লগতে অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.