উত্তৰ পূৱ সাহিত্য পৰিষদৰ ৰঙিয়া জিলা সমিতি গঠন

0 200

লোক সংস্কৃতিকে ধৰি অসমীয়া সাহিত্য সংস্কৃতি ক উত্তৰ পূৱৰ লগতে সমগ্ৰ দেশতে প্ৰসাৰ আৰু বিস্তাৰ কৰিবলৈ গঠন হোৱা উত্তৰ পূৱ সাহিত্য সভাৰ ৰঙিয়া জিলা সমিতিখন আজি কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত গঠন কৰা হয়। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উত্তৰ পূৱ সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক হেম চন্দ্ৰ বৰ্মনে মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। বৰ্মনে পৰিষদৰ উদ্দেশ্য আৰু লক্ষ্যৰ লগতে বিভিন্ন কাৰ্য্যসূচী সুন্দৰ ভাবে বাখ্যা কৰে। সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পৰিচালক পঙ্কজ পল্লৱ শৰ্মা আৰু বিশিষ্ট শিল্পী নিয়ৰ পৰশক সম্বৰ্ধনা জনোৱা হয়।। ৰাজ্যিক কৃতি শিক্ষক যাদৱ কুমাৰ কলিতাই আঁত ধৰা সভাত অঞ্চলটোৰ বহু কেইগৰাকী গুণী জ্ঞানী ব্যাক্তিয়ে অংশ লয়।কন্দৰ্পেশ্বৰ শৰ্মাক সভাপতি, বসন্ত দাসক সম্পাদক আৰু যাদৱ কুমাৰ কলিতা আৰু পঙ্কজ পল্লৱ শৰ্মক যুটীয়া সম্পাদক হিচাপে জিলা সমিতিখন গঠন কৰা হয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই.

Leave A Reply

Your email address will not be published.