তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাৰ আমন্ত্ৰণমৰ্মে মঙলবাৰে দিছপুৰৰ কৰ ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল। এই বৈঠকত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিক-সংবাদকৰ্মীসকলে সন্মুখীন হৈ অহা বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত বিস্তৃত আলোচনা হয়। বিশেষকৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰি দিয়া সাংবাদিকৰ Press Accreditation Committee (PAC)ৰ বৈঠক অনুষ্ঠিত নোহোৱাত প্ৰেছ ক্লাবে আক্ষেপ প্ৰকাশ কৰি শীঘ্ৰে বৈঠকখন অনুষ্ঠিত কৰিবলৈ দাবী জনায়। তদুপৰি দীৰ্ঘদিনে বন্ধ হৈ থকা তথ্য আৰু জনসংযোগ বিভাগৰ মিডিয়া ফেল’শ্বিপ পুনৰ আৰম্ভ কৰা, সাংবাদিক কল্যাণ নিধি আঁচনি সুচাৰুৰূপে ৰূপায়ন কৰা আৰু সাংবাদিক পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ প্ৰেছ ক্লাবে দাবী জনায়। এই বৈঠকতে জনসংযোগ বিভাগৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ পৰিচয় পত্ৰ সন্দৰ্ভত হোৱা আলোচনা প্ৰসংগত মন্তব্য প্ৰকাশ কৰি আয়ুক্ত সচিবজনে সদৰি কৰে যে, শীঘ্ৰে পুৰণি নীতিত কিছু সংশোধন ঘটাই নতুন নীতি প্ৰস্তুতেৰে সাংবাদিকসকলক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পৰিচয় পত্ৰ প্ৰদানৰ পৰিকল্পনা কৰিছে বিভাগে। এই নীতি প্ৰস্তুতৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা কেতবোৰ পৰামৰ্শ বিচাৰে তথ্য আৰু জনসংযোগ বিভাগে। উল্লেখ্য যে, সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে দিছপুৰৰ লোকসেৱা ভৱনত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰাজিক লৈ ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। মুখ্য সচিবক সাক্ষাতৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আলোচনাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে আমন্ত্ৰণ জনাই গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলক। মঙলবাৰৰ বৈঠকত প্ৰেছ ক্লাবৰ প্ৰতিনিধিসকলে উত্থাপন কৰা বিষয়সমূহত আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই যথেষ্ট ইতিবাচক সঁহাৰি জনোৱাৰ লগতে আগন্তুক দিনত পৰ্যায়ক্ৰমে অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে। মঙলবাৰৰ বৈঠকত তথ্য আৰু জনসংযোগ বিভাগৰ হৈ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয় আৰু কেইবাজনো বিষয়া উপস্থিত থাকে। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সভাপতি খগেন কলিতা, উপ-সভাপতি ক্ৰমে প্ৰদীপ বৰ্মন, ৰঞ্জিতা ৰাভা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে শ্বাহ আলম, পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ হীৰক জ্যোতি টাইড, সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ আৰু কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে অনুপ বৈশ্য, ত্ৰিদীপ লহকৰ উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ