পলাশবাৰী সমষ্টিৰ উপৰহালীত ১৮৯৫ চনতে স্থাপিত হোৱা ঐতিহাসিক শ্ৰীশ্ৰী ভাঙৰা-গোপাল গোসাঁই নাম ঘৰৰ নৱ নিৰ্মাণ কাৰ্য আজি এক মাংগলিক কাৰ্যসূচীৰে শুভ উদ্বোধন কৰা হয়। মাংগলিক কাৰ্যসূচীৰে শুভ-উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী তথা বিশিষ্টা সমাজকৰ্মী, প্ৰাইড ইষ্ট এণ্টাৰট্ৰেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা আৰু সহযোগ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই উপলক্ষে অনুষ্ঠিত হোৱা এক সভাত আদৰণী ভাষণ পাঠ কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াই। সভাত বিশিষ্টা সমাজকৰ্মী, প্ৰাইড ইষ্ট এণ্টাৰট্ৰেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই উৎকট গৰমকো নেউচি আজি এনেদৰে আয়-মাতৃ তথা ৰাইজ নামঘৰটিৰ নৱ নিৰ্মাণ কাৰ্য শুভ-উদ্বোধন কাৰ্যসূচীৰ উপস্থিত থকাটো শলাগ লবলগীয়া। ঐতিহাসিক ভাঙৰা-গোপাল গোসাঁই নামঘৰটিৰ এক মাহাত্ম আছে কাৰণ যিয়ে এবাৰ ভক্তি ভাৱনাৰে সেৱা আগবঢ়াই নিশ্চয় মনোবাঞ্চ পুৰণ হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজ তথা অসমবাসীৰ উন্নয়ণৰ হকে কাম কৰি আহিছে। আপোনালোকেও তেওঁক সহযোগিতা কৰিব তেতিয়াহে ৰাইজ তথা সমষ্টিৰ উন্নয়ণ হব। ঈশ্বৰ হৈছে আমাৰ বিশ্বাস, আত্ম। শ্ৰীশ্ৰী ভাঙৰা-গোপাল গোসাই নাম ঘৰটি সম্পূৰ্ণ হৈ উঠিলে স্বামী তথা মুখ্যমন্ত্ৰীৰ লগত তেওঁ এদিন আহি এই নামঘৰটিত আশীষ লব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ গাঁও উপৰহালী ৰাইজৰ বাবে আজি এক বিশেষ দিন বুলি কয়। উপৰহালী গাওঁবাসীৰ বহুদিনীয়া অভাব পূৰণ হোৱাৰ পথত বুলিও ভাষণত উল্লেখ কৰে। কাৰণ অলপ বৰষুণ আহিলে নামঘৰৰ ভিতৰত পানী সোমাই নাম, প্ৰসঙ্গ তথা সভা অনুষ্ঠিত কৰাত বহুত সমস্যাৰ সৃষ্টি হয়। নতুনকৈ নামঘৰটি সম্পূৰ্ণ হৈ উঠিলে নিশ্চয়কৈ এই সমস্যা দুৰ হব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে বিধায়ক ঠাকুৰীয়াই। সভাত বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাস, নামঘৰৰ মেপ প্ৰস্তুত কৰা নিতুল শৰ্মা, উপৰহালী ৰাইজ গয়ৰহৰ সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টিৰ কৃষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী