কাব্য চৰ্চাৰ ক্ষেত্ৰত দক্ষিণ কামৰূপ অঞ্চলৰ ইতিহাস বহু পুৰণি। অসম কবি সমাজৰ স্বীকৃতিপ্ৰাপ্ত দক্ষিণ কামৰূপ কবি সমাজৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি আজি উপৰহালীৰ চিলাৰায় ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ কবি সমাজৰ সভাপতি ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। তাৰ পিছতে সমাজৰ উপ সভাপতি কৈলাশ নাথ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্বৰচিত কবিতা পাঠ অনুষ্ঠানটিত অৰ্ধ শতাধিক নবীন প্ৰৱীন কবিয়ে কবিতা পাঠ কৰে। বিয়লি ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত কবি অশ্বিনী কুমাৰ তালুকদাৰ সম্পাদিত স্মৰণিকা ‘কবিতা কানন’ উন্মোচন কৰে অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। নিৰ্দিষ্ট বক্তা হিচাপে অসম কবি সমাজৰ সম্পাদক প্ৰধান ৰাজীৱ কুমাৰ ফুকনে অংশগ্ৰহণ কৰি দক্ষিণ কামৰূপ কবি সমাজৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কবিতাৰ মূল্যবোধ, আধুনিক কবিতাৰ বিশ্লেষণ, কবিতাৰ ব্যঞ্জনা, কবিৰ দৃষ্টি, কবিৰ স্বাধীনতা, কবিতাৰ নান্দনিকতা আদি দিশৰ ওপৰত বক্তব্য ৰাখে। লেখক ৰোহিনী কুমাৰৰ ‘এই নদীয়েদি’ কাব্যগ্ৰন্থ উন্মোচন কৰে পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্যই। কৈলাশ নাথ শৰ্মাৰ ‘কি সপোন দেখিলো’ নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰে প্ৰগতিশীল লিখক নৃপেন শৰ্মাই। লেখিকা নিৰুপমা মজুমদাৰৰ উপন্যাস উশাহ মোৰ জীৱনৰ উন্মোচন কৰি দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমাই কিতাপ পঢ়িব লাগে আৰু গঠনমূলক আলোচনাও লাগে বুলি মন্তব্য কৰে। এই অধিৱেশনত বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশগ্ৰহণ কৰি কবি সমাজৰ এই অধিৱেশনৰ শলাগ লয়। অনাগত সময়ত কবি সমাজৰ বাবে ভূমি, গৃহ নিৰ্মাণ আদি ক্ষেত্ৰত সহায় কৰি যাব বুলি উল্লেখ কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন