দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ১৭ ছেপ্টেম্বৰত ক’ভিড বিধি মানি পৰম্পৰাগতভাৱে শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজা পালন কৰা হ`ব । ইফালে বিশ্বকৰ্মা পূজাৰ সময়ৰে পৰা দেশত আৰম্ভ হয় পূজা বা উৎসৱৰ বতৰ । কিয়নো বিশ্বকৰ্মা পূজাৰ কিছুদিন পাছত আৰম্ভ হ`ব শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজা, তাৰ পাছত শ্ৰী শ্ৰীলক্ষ্মী পূজা , ষট পূজা , দীপাৱলী , ৰাস , জগদ্ধাত্ৰী পূজাকে ধৰি বিভিন্ন পূজা । আনহাতে উৎসৱৰ বতৰত আনন্দত মতলীয়া হৈ কোনোৱে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই দূৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) বিষয়া আৰু জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে । এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় – উৎসৱৰ সময়ত একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ফলত বহু উঠি অহা নতুন প্ৰজন্মৰ যুৱক হেৰাই যায়। ইয়ে সমাজত ব্যাপক ক্ষতি সাধন কৰিছে । যাৰ বাবে জিলা পৰিবহণ বিষয়া গৌতম দাসে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে চালক সকলক শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজাৰ দিনটোৰ পৰা বাহন চলোৱাৰ সময়ত পাঁচটা বিষয়ত শপত লৈ বাহন চলাবলৈ চালক সকলক আহ্বান জনাইছে । সেই পাঁচটা শপত হল ক্ৰমে – মদ্যপান কৰি গাড়ী নচলাও ,গাড়ী চলাওতে ছিটবেল্ট ব্যৱহাৰ কৰিম , হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাম , গাড়ী চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰো , যান – বাহন আইন মানি চলিম , দুৰ্ঘটনা এৰাই চলিম । জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দূৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে । এই আহ্বানক বাস্তৱত ৰূপ দিয়াৰ বাবে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সকলো জিলা পৰিবহণ বিষয়াক নিৰ্দেশনা দিছে । মুখ্যমন্ত্ৰীৰ আহ্বান আৰু পৰিবহণ মন্ত্রীৰ প্ৰতি সঁহাৰি দি এই পাঁচটা শপত লৈ গাড়ী চলালে দূৰ্ঘটনাৰ সংখ্যা নিশ্চিত ভাবে বহুখিনি কমি যাব বুলি জিলা পৰিবহণ বিষয়াজনে আশা ব্যক্ত কৰিছে ।
Trending
- নগাঁৱত গঠিত হ’ল অসম পেৰা অলিম্পিক সংস্থা
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা