অসমৰ চাহ বাগিছা অঞ্চলত চৰকাৰী প্ৰাথমিক শিক্ষাৰ পুতৌজনক অৱস্থাৰ বিপৰীতে যোৰহাট জিলাৰ মৰিয়নীৰ এখন বিদ্যালয়ে আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত গাভৰু গ্ৰান্টত অৱস্থিত মুড়া বস্তি প্ৰাথমিক বিদ্যালয় খন পিছ পৰা অঞ্চলটোৰ বাবে প্ৰাথমিক শিক্ষা গ্ৰহণৰ স্থলীয়ে নহয় বিদ্যালয়খন অঞ্চলবাসীৰ বাবে এতিয়া এক গৌৰৱৰ প্ৰতীক। ১৯৮৫ চনত গাভৰু গ্ৰান্ট অঞ্চলৰ কেইবাগৰাকীও শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা মুড়া বস্তি প্ৰাথমিক বিদ্যালয় খন ২০১৩ চনত প্ৰাদেশীকৰণ হয়। উল্লেখ্য যে মুড়াবস্তি প্ৰাথমিক বিদ্যালয়খনে যোৰহাট জিলা ভিত্তিত দুবাৰকৈ স্বচ্ছ বিদ্যালয়ৰ সুনাম বুটলিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ চৌপাশত প্ৰৱেশ কৰিলেই প্ৰতিজন লোকৰে মন প্ৰাণ ভৰি পৰিব। বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী, পৰিচালনা সমিতি আৰু অভিভাৱক মিলি বিদ্যালয় খনৰ চৌপাশ সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলিছে। বিদ্যালয়খনৰ চৌহদত আছে নাহৰ, বকুল, চুম, দেৱদাৰু, সোনাৰু, চন্দনকে ধৰি বিভিন্ন মূল্যবান গছ। প্ৰকৃতিৰ সেউজীয়াৰ মাজতে যেন আগবাঢ়িছে জ্ঞানৰ পৃথিৱী। আনহাতে প্ৰধান শিক্ষক ললিত গগৈৰ প্ৰচেষ্টাত বিদ্যালয়ৰ চৌহদত এখন শাকনি বাৰী লগতে কলৰ বাৰীও গঢ় লৈ উঠিছে। সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগেৰে কৰা শাকৰে ছাত্ৰ ছাত্ৰীক মধাহ্ন ভোজনৰ খাদ্য খুৱাই আহিছে বিদ্যালয় খনে। প্ৰাথমিক বিদ্যালয়তে এজন ছাত্ৰৰ শিক্ষাৰ ভেটী যিদৰে তৈয়াৰ হয় ঠিক সেইদৰে জীৱন দীক্ষাও লাভ কৰিছে মুড়াবস্তি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক আনুষ্ঠানিক শিক্ষাৰ উপৰিও ব্যৱহাৰিক শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰী সকলক কৰ্মমুখী মানসিকতা গঢ় দিয়াৰ চেষ্টা কৰা বুলি প্ৰধান শিক্ষক ললিত গগৈয়ে জানিবলৈ দিয়ে।আনহাতে বিদ্যালয়খনৰ চৌহদত ছাত্ৰ সংসদ, মাতৃ গোট, শিক্ষক গোট লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে গঢ়ি তুলিছে একোখন ফুলনী। বিদ্যালয়খনত আছে এটা সৰু পুথিভঁৰাল লগতে বিদ্যালয়ৰ এখন প্ৰাচীৰ প্ৰতীকা আছে। আনহাতে বিদ্যালয় চৌহদত থকা বিভিন্ন প্ৰজাতিৰ গছ সমুহৰ লগত ছাত্ৰ ছাত্ৰী সকলক পৰিচয় কৰাই দিয়া লগতে প্ৰকৃতিৰ লগত একাত্মবোধ কৰাৰ বাবে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে প্ৰধান শিক্ষক গৰাকীয়ে। উল্লেখ্য যে বিদ্যালয়খনৰ বাৰীত জাহাজী কল, লেতেকু, কঠাল, অমিতা, নেমুটেঙা, আমলখিকে ধৰি বিভিন্ন ফল মুলৰ গছ আছে। ইয়াৰ উপৰি বিদ্যালয় খনে বৰষুণৰ পানী সংৰক্ষণটো গ্ৰহণ কৰিছে আদৰ্শনীয় পদক্ষেপ। বিদ্যালয়ৰ শিক্ষকসকলে নিজৰ জেপৰ ধন খৰচ কৰি বিদ্যালয়খনত বৰষুণৰ পানী সংৰক্ষণৰ দুটা প্ৰকল্প স্থাপন কৰিছে। সেই পানী বালি ফিল্টাৰ যোগেদি বিশুদ্ধ কৰি ছাত্ৰ ছাত্ৰী সকলৰ বাবে খোৱা পানী হিচাপে ব্যৱহাৰ কৰি আহিছে। আনহাতে বিদ্যালয়খনৰৰ কণ কণ ছাত্ৰ ছাত্ৰী সকল শিক্ষাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো আগবঢ়া। বিদ্যালয়ৰ প্ৰধান শিক্ষক ললিত গগৈয়ে পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজে সহযোগ কৰা বাবেহে বিদ্যালয় খন সুন্দৰ ৰূপত গঢ় দিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰে। “বিদ্যালয়খন মোৰ আত্মা। ই মোৰ দ্বিতীয় ঘৰ” বুলিও নিজৰ অনুভৱ ব্যক্ত কৰে প্ৰধান শিক্ষক ললিত গগৈয়ে।মুড়াবস্তি প্ৰাথমিক বিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহ অন্য প্ৰাথমিক বিদ্যালয় সমূহেও নিশ্চয়কৈ এক আদৰ্শ ৰূপে গ্ৰহণ কৰিলে চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহ ন ৰূপত গঢ় লৈ উঠিব বুলি আশা কৰাৰ থল আছে।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি