অসমৰ চাহ বাগিছা অঞ্চলত চৰকাৰী প্ৰাথমিক শিক্ষাৰ পুতৌজনক অৱস্থাৰ বিপৰীতে যোৰহাট জিলাৰ মৰিয়নীৰ এখন বিদ্যালয়ে আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত গাভৰু গ্ৰান্টত অৱস্থিত মুড়া বস্তি প্ৰাথমিক বিদ্যালয় খন পিছ পৰা অঞ্চলটোৰ বাবে প্ৰাথমিক শিক্ষা গ্ৰহণৰ স্থলীয়ে নহয় বিদ্যালয়খন অঞ্চলবাসীৰ বাবে এতিয়া এক গৌৰৱৰ প্ৰতীক। ১৯৮৫ চনত গাভৰু গ্ৰান্ট অঞ্চলৰ কেইবাগৰাকীও শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা মুড়া বস্তি প্ৰাথমিক বিদ্যালয় খন ২০১৩ চনত প্ৰাদেশীকৰণ হয়। উল্লেখ্য যে মুড়াবস্তি প্ৰাথমিক বিদ্যালয়খনে যোৰহাট জিলা ভিত্তিত দুবাৰকৈ স্বচ্ছ বিদ্যালয়ৰ সুনাম বুটলিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ চৌপাশত প্ৰৱেশ কৰিলেই প্ৰতিজন লোকৰে মন প্ৰাণ ভৰি পৰিব। বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী, পৰিচালনা সমিতি আৰু অভিভাৱক মিলি বিদ্যালয় খনৰ চৌপাশ সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলিছে। বিদ্যালয়খনৰ চৌহদত আছে নাহৰ, বকুল, চুম, দেৱদাৰু, সোনাৰু, চন্দনকে ধৰি বিভিন্ন মূল্যবান গছ। প্ৰকৃতিৰ সেউজীয়াৰ মাজতে যেন আগবাঢ়িছে জ্ঞানৰ পৃথিৱী। আনহাতে প্ৰধান শিক্ষক ললিত গগৈৰ প্ৰচেষ্টাত বিদ্যালয়ৰ চৌহদত এখন শাকনি বাৰী লগতে কলৰ বাৰীও গঢ় লৈ উঠিছে। সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগেৰে কৰা শাকৰে ছাত্ৰ ছাত্ৰীক মধাহ্ন ভোজনৰ খাদ্য খুৱাই আহিছে বিদ্যালয় খনে। প্ৰাথমিক বিদ্যালয়তে এজন ছাত্ৰৰ শিক্ষাৰ ভেটী যিদৰে তৈয়াৰ হয় ঠিক সেইদৰে জীৱন দীক্ষাও লাভ কৰিছে মুড়াবস্তি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক আনুষ্ঠানিক শিক্ষাৰ উপৰিও ব্যৱহাৰিক শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰী সকলক কৰ্মমুখী মানসিকতা গঢ় দিয়াৰ চেষ্টা কৰা বুলি প্ৰধান শিক্ষক ললিত গগৈয়ে জানিবলৈ দিয়ে।আনহাতে বিদ্যালয়খনৰ চৌহদত ছাত্ৰ সংসদ, মাতৃ গোট, শিক্ষক গোট লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে গঢ়ি তুলিছে একোখন ফুলনী। বিদ্যালয়খনত আছে এটা সৰু পুথিভঁৰাল লগতে বিদ্যালয়ৰ এখন প্ৰাচীৰ প্ৰতীকা আছে। আনহাতে বিদ্যালয় চৌহদত থকা বিভিন্ন প্ৰজাতিৰ গছ সমুহৰ লগত ছাত্ৰ ছাত্ৰী সকলক পৰিচয় কৰাই দিয়া লগতে প্ৰকৃতিৰ লগত একাত্মবোধ কৰাৰ বাবে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে প্ৰধান শিক্ষক গৰাকীয়ে। উল্লেখ্য যে বিদ্যালয়খনৰ বাৰীত জাহাজী কল, লেতেকু, কঠাল, অমিতা, নেমুটেঙা, আমলখিকে ধৰি বিভিন্ন ফল মুলৰ গছ আছে। ইয়াৰ উপৰি বিদ্যালয় খনে বৰষুণৰ পানী সংৰক্ষণটো গ্ৰহণ কৰিছে আদৰ্শনীয় পদক্ষেপ। বিদ্যালয়ৰ শিক্ষকসকলে নিজৰ জেপৰ ধন খৰচ কৰি বিদ্যালয়খনত বৰষুণৰ পানী সংৰক্ষণৰ দুটা প্ৰকল্প স্থাপন কৰিছে। সেই পানী বালি ফিল্টাৰ যোগেদি বিশুদ্ধ কৰি ছাত্ৰ ছাত্ৰী সকলৰ বাবে খোৱা পানী হিচাপে ব্যৱহাৰ কৰি আহিছে। আনহাতে বিদ্যালয়খনৰৰ কণ কণ ছাত্ৰ ছাত্ৰী সকল শিক্ষাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো আগবঢ়া। বিদ্যালয়ৰ প্ৰধান শিক্ষক ললিত গগৈয়ে পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজে সহযোগ কৰা বাবেহে বিদ্যালয় খন সুন্দৰ ৰূপত গঢ় দিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰে। “বিদ্যালয়খন মোৰ আত্মা। ই মোৰ দ্বিতীয় ঘৰ” বুলিও নিজৰ অনুভৱ ব্যক্ত কৰে প্ৰধান শিক্ষক ললিত গগৈয়ে।মুড়াবস্তি প্ৰাথমিক বিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহ অন্য প্ৰাথমিক বিদ্যালয় সমূহেও নিশ্চয়কৈ এক আদৰ্শ ৰূপে গ্ৰহণ কৰিলে চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহ ন ৰূপত গঢ় লৈ উঠিব বুলি আশা কৰাৰ থল আছে।
Trending
- নৱম অসম ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান অনুষ্ঠান অনুষ্ঠিত
- বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন-শিল্পী প্ৰতিভা দেৱীক লোকশিল্পী বঁটা-২০২৬ প্ৰদান
- কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী
- কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
- প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু
- Department of Posts (DoP) and National Stock Exchange of India Limited (NSE) Sign MoU to Advance Financial Inclusion through Mutual Fund Distribution
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা