বন্যপ্ৰাণী আৰু মানুহৰ মাজত ক্ৰমাগতভাৱে বাঢ়ি যোৱা সংঘাটৰ সময়তে গোলাঘাট জিলাৰ দেৰগাঁৱত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত দৃশ্য। এজন ব্যক্তি আৰু বন্যপ্ৰাণীৰ মাজৰ আন্তৰিকতা সকলোৰে বাবে বৰ্তমান কৌতূহলৰ বিষয় হৈ পৰিছে । এই বিশেষ ব্যক্তিজন হ’ল দেৰগাঁৱৰ কবিৰাজী চিকিৎসক তৰুণ হাজৰিকা ।বান্দৰ আৰু চৰাইৰ লগত এইজন ব্যক্তিৰ আছে এক মধুৰ সম্পৰ্ক। বান্দৰৰ বাসস্থান বুলি চিহ্নিত দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলৰ হাজাৰোধিক বান্দৰে বিগত বহুবছৰ ধৰি নেঘেৰিটিং আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত খাদ্যৰ অভাৱৰ বাবে উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে ।যাৰ ফলস্বৰূপে এই গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে বান্দৰৰ উপদ্ৰৱ এটা মূল সমস্যা হিচাপে থিয় দিছে ।আনহাতে এই সমস্যা সমাধানৰ বাবে এইজন বিশেষ ব্যক্তি জনে সমান্তৰালভাৱে একক ভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।সম্পূৰ্ণ নিজা খৰচেৰে সপ্তাহত ৩ দিনকৈ এই কপিকুলক খাদ্যৰ যোগান ধৰি আহিছে। বিগত বহুবছৰ ধৰি তৰুণ হাজৰিকাৰ এই প্ৰচেষ্টা অব্যাহত আছে,ফলশ্ৰুতিত কপিকুল আৰু তৰুণ হাজৰিকাৰ মাজত এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে ।তৰুণ হাজৰিকাৰ এই প্ৰচেষ্টাই কিছু আংশিক পৰিমাণে হ’লেও বান্দৰৰ সমস্যা সমাধান কৰিব বুলি আশাবাদী তৰুণ হাজৰিকা ,তেখেতে নেঘেৰিটিং অঞ্চলৰ চাহ বাগিছাৰ মাজৰ এক আছুতীয়া ঠাইত পক্ষীকুলকো প্ৰতিদিনে খাদ্যৰ যোগান ধৰি আহিছে । শতাধিক পক্ষীয়ে প্ৰতিদিনেই এটা নিৰ্দিষ্ট সময়ত অপেক্ষা কৰে তৰুণ হাজৰিকালৈ ।এই বিৰল দৃশ্য দূৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ প্ৰতিদিনেই এই নিৰ্দিষ্ট ঠাইখনত ভীৰ কৰেহি একাংশ প্ৰকৃতিপ্ৰেমীয়ে, বন্যজীৱ আৰু মানুহৰ মাজৰ সংঘাটে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত এয়া এক আশাব্যঞ্জক খবৰ সেয়ে বিবেচিত হৈ পৰিছে ।খবৰ যুগুতালে পলাশ জ্যোতি বৰাই..
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান