এজন প্ৰকৃতিপ্ৰেমীয়ে মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে

0 323

বন্যপ্ৰাণী আৰু মানুহৰ মাজত ক্ৰমাগতভাৱে  বাঢ়ি যোৱা সংঘাটৰ সময়তে গোলাঘাট জিলাৰ দেৰগাঁৱত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত দৃশ্য। এজন ব্যক্তি আৰু বন্যপ্ৰাণীৰ মাজৰ আন্তৰিকতা  সকলোৰে বাবে বৰ্তমান কৌতূহলৰ বিষয় হৈ পৰিছে । এই বিশেষ ব্যক্তিজন হ’ল দেৰগাঁৱৰ কবিৰাজী চিকিৎসক তৰুণ হাজৰিকা ।বান্দৰ আৰু চৰাইৰ লগত এইজন ব্যক্তিৰ আছে  এক মধুৰ সম্পৰ্ক। বান্দৰৰ বাসস্থান বুলি চিহ্নিত দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলৰ হাজাৰোধিক বান্দৰে বিগত বহুবছৰ ধৰি নেঘেৰিটিং আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত খাদ্যৰ অভাৱৰ বাবে উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে ।যাৰ ফলস্বৰূপে এই গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে বান্দৰৰ উপদ্ৰৱ এটা মূল সমস্যা হিচাপে থিয় দিছে ।আনহাতে এই সমস্যা সমাধানৰ বাবে এইজন বিশেষ ব্যক্তি জনে সমান্তৰালভাৱে একক ভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।সম্পূৰ্ণ নিজা খৰচেৰে সপ্তাহত ৩ দিনকৈ এই কপিকুলক খাদ্যৰ যোগান ধৰি আহিছে। বিগত বহুবছৰ ধৰি তৰুণ হাজৰিকাৰ এই প্ৰচেষ্টা অব্যাহত আছে,ফলশ্ৰুতিত কপিকুল আৰু তৰুণ হাজৰিকাৰ মাজত এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে ।তৰুণ হাজৰিকাৰ এই প্ৰচেষ্টাই কিছু আংশিক পৰিমাণে হ’লেও বান্দৰৰ সমস্যা সমাধান কৰিব বুলি আশাবাদী তৰুণ হাজৰিকা ,তেখেতে নেঘেৰিটিং অঞ্চলৰ চাহ বাগিছাৰ মাজৰ এক আছুতীয়া ঠাইত পক্ষীকুলকো প্ৰতিদিনে খাদ্যৰ যোগান ধৰি আহিছে । শতাধিক পক্ষীয়ে প্ৰতিদিনেই এটা নিৰ্দিষ্ট সময়ত অপেক্ষা কৰে তৰুণ হাজৰিকালৈ ।এই বিৰল দৃশ্য দূৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ প্ৰতিদিনেই এই নিৰ্দিষ্ট ঠাইখনত ভীৰ কৰেহি একাংশ প্ৰকৃতিপ্ৰেমীয়ে,  বন্যজীৱ আৰু মানুহৰ মাজৰ সংঘাটে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত এয়া এক আশাব্যঞ্জক খবৰ সেয়ে বিবেচিত হৈ পৰিছে  ।খবৰ যুগুতালে পলাশ জ্যোতি বৰাই..

Leave A Reply

Your email address will not be published.