এজন মহানুভৱী যুৱকৰ কথাৰে

0 239
ডিজিটেল চিন্তা চৰ্চাও হ’ব পাৰে কাৰোবাৰ বাবে জীৱন জীৱিকাৰ মাধ্যম। ডিজিটেল মাধ্যমৰ জৰিয়তে সমাজ সেৱা আগবঢ়াই চৰ্চিত হৈছে এজন যুৱক। যুৱক জনৰ নাম হৈছে ৰাজীৱ ডেকা। কথাষাৰ শুনাত অলপ আচহুৱা যেন লাগিলেও হাজোৰ দমদমাৰ এই ৰাজীৱ ডেকা নামৰ যুৱকজনে ইয়াকে কৰি দেখুৱাই বিশেষ ভাবে চৰ্চা লাভ কৰিছে।
 
IMG-20170906-WA0009
ডিজিটেল মেডিয়াৰ ক্ষীপ্ৰ প্ৰসাৰৰ লগে লগে গাওঁ-চহৰ সকলোতে সমানে জনপ্ৰিয় হৈছে। ইয়াৰ সুযোগতে একাংশই বিচাৰি লৈছে জীৱনৰ নতুন ছন্দ। সেই একেদৰেই ৰাজীৱ ডেকাৰ Youtube video ৰ “Raj talkies.in assamese” চেনেলটোও অন্যতম। উল্লেখযোগ্য যে এই বিশেষ চেনেলটোৰ লগত জড়িত থকা ৰাজীৱ ডেকাই Youtube ৰ পৰা পোৱা অৰ্থ দান কৰি এমুঠি অন্নৰ যোগান ধৰিছে উত্তৰ গুৱাহাটীৰ এখন অনাথ আশ্ৰমক। এই সম্পৰ্কে ৰাজীৱ ডেকাই এনেদৰে কয় Raj talkies.in assamese অতি সহজতে জনপ্ৰিয় হৈ উঠিছে। আমাৰ ভিডিঅ বোৰ চাই যেতিয়া কোনোৱে কমেণ্ট কৰে, তেতিয়া খুবেই আনন্দিত হওঁ আৰু তেতিয়া মনলৈ আহে যে  সকলোৱে ভালপোৱা কিবা এটা কৰো। যাৰ ফলশ্ৰুতিত এমুঠি অন্ন যোগান ধৰিবলৈ সক্ষম হ’লো। 
IMG-20170906-WA0017
প্ৰথম অৱস্থাত ৰাজীৱ ডেকাই Youtube channel কৰাৰ কাৰ্য্যক একাংশই সমৰ্থন কৰা নাছিল যদিও আজিৰ তাৰিখত সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
IMG-20170906-WA0007
অনাগত দিনত এনেধৰণৰ কাৰ্য্যৰে  ৰাজীৱ ডেকাই নতুন দিগন্তৰ সুচনা কৰক, NE Focus.com ৰ পৰা তেখেতলৈ থাকিল বহু শুভকামনা ৷
Leave A Reply

Your email address will not be published.