এজন সেনাবাহিনী জোৱানৰ মানৱতা

0 250
এজন সেনাবাহিনীত কৰ্মৰত জোৱান। তেখেতৰ নাম বিৰাজ হাজৰিকা। দৰঙৰ দলগাঁৱৰ বিৰাজ হাজৰিকা নামৰ ব্যক্তিজনে ৮ বছৰ ধৰি দুখীয়া ল’ৰা ছোৱালীক সাহাৰ্য্য আগবঢ়াই আহিছে। জানিব পৰা মতে নিজৰ দৰমহা খৰচ কৰি ৰাজ্যৰ লগতে বিভিন্ন দেশৰ দুখীয়া ল’ৰা ছোৱালীক উৎসৱ পাৰ্বনত  কাপোৰ আৰু খাদ্য দান কৰি আহিছে।
বিৰাজ হাজৰিকাই এইবাৰ বিহুৰ সময়তো দলগাঁৱৰ ঢ়েকেৰীগাঁৱৰ লগতে কৌপাটি ঝকুৱাপাৰা আৰু কেবাখনো গাঁৱত ১৫ গৰাকী ল’ৰা-ছোৱালীৰ লগতে বৃদ্ধ লোকক কাপোৰ দান কৰে। বিৰাজ হাজৰিকাই জানিবলৈ দিয়া মতে তেখেতে সামাজিক কাম কৰি ভাল পায়। ইতিপূৰ্বে ৰাজ্যৰ বিভিন্ন ঠাইৰ চাহবাগান আঞ্চলতো দৰিদ্ৰ পৰিয়ালৰ লোকক  কাপোৰ -খাদ্য দি সহায় কৰি আহিছে।
 
খবৰ যুগুতালে  দলগাঁৱৰ পৰা ৰিকি দাসে
Leave A Reply

Your email address will not be published.