দুটা গুৰুত্ব পূৰ্ণ খবৰ

0 249

মধুমেহ ৰোগ হ’ল এবিধ নিৰৱ ঘাতক। প্ৰতিবছৰে এই ৰোগত পৃথিৱীৰ ৪২২ কোটি লোক আক্ৰান্ত হয়। কিন্তু দুখৰ বিষয় যে শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ ভৰিক লৈ অধিকাংশ লোক সচেতন নহয়। যাৰ বাবে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই মন্তব্য বিশিষ্ট চিকিৎসক ডা৹ সুধীৰ কুমাৰ জৈনৰ। আজি প্ৰেছ ক্লাৱত ছানভেলী হস্পিতালৰ উদ্যোগত ডায়েবেটিক ফুট ডে ‘ উপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই মন্তব্য কৰে। উল্লেখযোগ্য যে এই দিৱসৰ লগত সংগতি ৰাখি ‘চৰণ স্পৰ্শ ‘ নামৰ এটা প্ৰকল্প মুকলি হয়। প্ৰকল্পটো মুকলি কৰি ডায়েবেটিক ৰোগত ল’ব লগীয়া যতন আৰু ৰোগীয়ে ল’বলগীয়া সাৱধানতাৰ সম্পৰ্কে বক্তব্য ৰাখে। ভৰিৰ সংবেদনশীলতা নোহোৱা হোৱা এই ৰোগৰ প্ৰধান লক্ষণ।

 

জানিব পৰা মতে ছানভেলী হস্পিতালে প্ৰতিবছৰে ২৩ এপ্ৰিলৰ দিনটো ডায়েবেটিক ফুট ডে হিচাপে পালন কৰিব। কালিৰে পৰা ছানভেলি হস্পিতালত কেম্প অনুষ্ঠিত হ’ব। এই সম্পৰ্কে চিকিৎসক ডা৹ সুধীৰ কুমাৰ জৈনে মন্তব্য কৰে কোনো ব্যক্তি বিশেষ অথবা সংস্থাই যদি সহযোগ কৰে, তেনেহ’লে ৰাইজৰ মাজত সজাগতা চলোৱাৰ বাবে ইচ্ছুক আছো। অনুষ্ঠানটোত ছানভেলী হস্পিতালৰ পৰিচালন সঞ্চালক অভয় কুমাৰ হাজৰিকা, জি এল আগৰৱালা, মীনাক্ষী সুন্দৰম, ৰবীন্দ্ৰ নাথ পাঠককে আদি কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে।


 

আনহাতে নুমলীগড় ৰিফাইনেৰী লিমিটেডে উদ্যমী সকললৈ সুখবৰ কঢ়িয়াই আনিছে। উদ্ভাৱন আৰু অন্যন্যা ক্ষেত্ৰত বিশেষ ভাৱে কাম কৰিব খোজা উদ্যমী সকলক পুঁজি আগবঢ়াইছে। ইচ্ছুক সকলে www.ideation.nrl.co.in ত ভিজিট কৰিলে সবিশেষ জানিব পাৰিব। জানিব পৰা মতে অহা ৩০এপ্ৰিল আবেদন কৰাৰ অন্তিম দিন।

Leave A Reply

Your email address will not be published.