এটা ইতিবাচক খবৰৰ আঁত ধৰি

0 215

WhatsApp Image 2017-12-27 at 6.24.06 PMযোৱা ২২ ডিচেম্বৰৰ পৰা অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত গুৱাহাটী গ্ৰন্থমেলাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হ’ল বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে প্ৰদৰ্শন কৰা কিছু বিৰল গ্ৰন্থ আৰু সমল। পোন প্ৰথমবাৰৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজলৈ গ্ৰন্থমেলাৰ যোগেদি সমল সমূহ প্ৰদৰ্শিত কৰিছে। ২ শতিকাৰো অধিক পুৰণি সমল সমূহৰ মাজত আছে বহুতো মূল্যৱান গ্ৰন্থ। সাঁচিপাতৰ পুথি, তাম্ৰফলি, মঙল চোৱা পুথি অন্যতম। গ্ৰন্থমেলাত প্ৰদৰ্শিত এই বিশেষ বিপনীখনে গ্ৰন্থপ্ৰেমীক আকৰ্ষণ কৰি তুলিছে। বিশেষকৈ অসমীয়া সাহিত্য জগতৰ ভোটা তৰা স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকাশিত পুথি, বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদিত আলোচনী, ভাৰতীয় সংবিধানৰ আচল প্ৰতিলিপি প্ৰদৰ্শিত হৈছে। ইয়াৰ উপৰিও চক্ৰধ্বজ সিংহ , জয়ধ্বজ সিংহ ৰজা দিনৰ তাম্ৰলিপিয়ে অন্যতম মাত্ৰা প্ৰদান কৰিছে।

WhatsApp Image 2017-12-27 at 6.23.42 PM

ইয়াৰ জৰিয়তে গ্ৰন্থপ্ৰেমী ৰাইজে সহজতে বিৰল গ্ৰন্থ, সমল স্বচক্ষুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱা খবৰে ইতিবাচক বাৰ্তা বহন কৰিছে।

Leave A Reply

Your email address will not be published.